বাগসাৰ বাঁহবাৰীত ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰা ডকাইতে লুটিলে তিনি লক্ষাধিক

edc1f149 41d3 44a0 b52f d17c1628b822

বাগসাৰ শালবাৰী মহকুমাৰ বাঁহবাৰীৰ সমীপৱৰ্তী কুঠৰীঝাৰত থকা ষ্টেট বেংকৰ এটা গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰা ডকাইতে আজি দিন দুপৰতে পিষ্টল দেখুৱাই লুটি নিয়ে তিনি লক্ষাধিক টকা৷

তথ্য অনুসৰি নাজিৰ হুছেইন নামৰ লোকজনৰ গ্ৰাহক সেৱা কেন্দ্ৰটোত দুপৰীয়া প্ৰৱেশ কৰে তিনি ডকাইত৷ তাৰ পাছতে পিষ্টল দেখুৱাই নাজিৰ হুছেইনক মাৰধৰ কৰি তেওঁৰ কেছত থকা তিনি লক্ষাধিক টকা লুটি লৈ উধাও হয় ডকাইতৰ দলটো৷

উল্লেখযোগ্য যে AS 02 EJ 7298 আৰু AS 28 5551 নম্বৰৰ দুখন বাইকত আহিছিল তিনিটা ডকাইত৷ ইয়াৰ পাছতে স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে খেদি খেদি এজন ডকাইতক কৰায়ত্ত কৰাৰ উপৰি বাইক দুখনো জব্দ কৰে যদিও আন দুটা ডকাইত পিষ্টলসহ পলায়ন কৰে৷

আৰক্ষীয়ে কৰায়ত্ত কৰা অভিযুক্তজন বাগসাৰ শিমলা আৰক্ষী থানাৰ অন্তৰ্গত এক নং ককলাবাৰীৰ কলা বড়োৰ পুত্ৰ বিজিত বড়ো(৩০)৷পলাতক ডকাইত দুটা ওডালগুৰিৰ কৰণ বসুমতাৰী আৰু দাৰিয়া বড়ো ৷

ইফালে শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ নেতৃত্বত পলাতক দুই ডকাইতৰ সন্ধানত আৰক্ষী চিআৰপিএফ বাহিনীয়ে হাবিয়ে জংঘলে ইতিমধ্যে অঞ্চলজুৰি তীব্ৰ অভিযান আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কোনো ধৰণৰ সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই৷

Exit mobile version