ইমৰানৰ মতে ভাৰতৰ জনসংখ্যা ৪০০ কোটি, সামাজিক মাধ্যমত পাক প্রধানমন্ত্রীক কটাক্ষ

imran khan 1628057490

পুনৰ ভুল তথ্য প্রকাশৰে সামাজিক মাধ্যমত কঠোৰভাৱে সমালােচিত হ’ল পাকিস্তান প্রধানমন্ত্রী ইমৰান খান। এখন জনসভাত বিশ্ব টেষ্ট চেম্পিয়নৰ ফাইনেলত নিউজিলেণ্ডৰ হাতত ভাৰতৰ পৰাজয়ক কটাক্ষ কৰিবলৈ গৈ পাক প্রধানমন্ত্রীজনে এইদৰে কৈছিল, ‘৪০-৫০ লাখ জনসংখ্যাৰ দেশ নিউজিলেণ্ড এক বিলিয়ন ৩০০ কোটি মানুহৰ দেশ ভাৰতক বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত পৰাজিত কৰিলে।’

ADVERTISEMENT

অর্থাৎ ইমৰানৰ বক্তব্য অনুসৰি ভাৰতৰ মুঠ জনসংখ্যা হৈছে ৪০০ কোটি। কিন্তু প্ৰকৃততে ভাৰতৰ জনসংখ্যা হৈছে ১৩৬ কোটি। ইমৰানৰ এই মন্তব্যৰ ভিডিঅ’ ভাইৰেল হােৱাত সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে পাক প্রধানমন্ত্রী সাধাৰণ জ্ঞানক লৈ আশ্চর্য প্রকাশ কৰিছে।

Exit mobile version