ধৰ্ষিতা নৱালিকাৰ পৰিয়ালৰ ফটো প্রকাশ কৰি পকছো আইন ভংগ কৰাৰ অভিযোগ ,কংগ্ৰেছ সাংসদ ৰাহুলৰ বিৰুদ্ধে

Rahul Gandhi APS

দিল্লীত ধৰ্ষিতা নৱালিকাৰ পৰিয়ালৰ স’তে সাক্ষাৎ কৰি বিপাঙত ৰাহুল গান্ধী । বুধবাৰে নিৰ্যাতিতাৰ পৰিয়ালক সাক্ষাৎ কৰিছিল কংগ্ৰেছ সাংসদজনে ।

তাৰ পাছত নিজৰ টুইটাৰ হেণ্ডেলত নিৰ্যাতিতা কিশোৰীগৰাকীৰ পিতৃ মাতৃৰ লগত বাৰ্তালাপ কৰি থকাৰ এটা ভিডি’অ প’ষ্ট কৰিছিলে ৰাহুলে যাক লৈ এতিয়া সৃষ্টি হৈছে বিতৰ্কৰ ।

ৰাহুলে ধৰ্ষণকাৰী নাবালকৰ পৰিয়ালৰ পৰিচয় প্ৰকাশ কৰি পকচো আইন ভংগ কৰে, এই অভিযোগ উত্থাপন কৰিছে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে (এনচিপিচিআৰ) ।তেওঁলোকে কংগ্ৰেছৰ নেতাৰ টুইটাৰ হেণ্ডেলৰ বিৰুদ্ধে পদক্ষেপ লোৱাৰ দাবী জনাই মাইক্ৰব্লগিং সংস্থাক চিঠিও প্ৰেৰণ কৰিছে ।কোম্পানীটোলৈ ও চিঠি লিখি কংগ্ৰেছ নেতাজনৰ টুইটাৰ হেণ্ডেলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী জনাইছে।

কিশোৰীগৰাকী পৰিয়ালে অভিযোগ কৰিছিল যে যোৱা দেওবাৰে দিল্লীত কণটেণ্টমেণ্ট অঞ্চলত নৱালিকাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰে । অভিযোগৰ আঙুলি ৰাধেশ্যাম আৰু তেওঁৰ সঙ্গী, শ্মশানৰ মুখ্য পুৰোহিতৰ বিৰুদ্ধে আঙুলি তোলা হৈছিল।

কেৱল সেয়াই নহয়, যোৱা বছৰ উত্তৰ প্ৰদেশত সংঘটিত হাথৰছ ঘটনাৰ বিষয়ে পৰিয়ালটোক অৱগত নকৰাকৈ ভুক্তভোগীৰ মৃতদেহও সৎকাৰ কৰা হৈছিল বুলি অভিযোগ কৰা হৈছে।

Exit mobile version