১৩৫ খন দেশত বিয়পি পৰিছে ডেল্টা প্ৰজাতি, আক্ৰান্তৰ সংখ্যা ২০ কোটিৰো অধিক

60c8620d6d855e00181580cf

ভাৰতত প্ৰথমে সন্ধান পোৱা ডেল্টা প্ৰজাতি সম্প্ৰতি বিশ্বৰ ১৩৫ খন দেশত বিয়পি পৰিছে । ফলত বিশ্বৰ মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ২০ কোটিৰো অধিক হ’ল । বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ তৰফৰ পৰা বৃহস্পতিবাৰে এই তথ্য জনোৱা হৈছে । যোৱা তিনি আগষ্ট সাপ্তাহিক প্ৰতিবেদন প্ৰকাশ কৰি হুৱে জনাইছে, কৰ’নাৰ আলফা প্ৰজাতি পৃথিৱীৰ ১৮২খন দেশত বিয়পি পৰিছে । গামা প্ৰজাতি সংক্ৰমিত হৈছে ৮১ খন দেশত আৰু ডেল্টা প্ৰজাতি ১৩৫খন দেশত ।

জুলাইৰ শেষৰটো সপ্তাহ, অৰ্থাৎ ২৬ জুলাইৰ পৰা এক আগষ্ট পৰ্যন্ত বিশ্বত মুঠ ৪০ লাখ নতুন কৰ’না আক্ৰান্তৰ সন্ধান পোৱা গৈছে । সংস্থাই জনায়, বিগত এমাহত বিশ্বৰ নানান প্ৰান্তত দ্ৰুত গতিত সংক্ৰমণ বৃদ্ধি পাবলৈ লৈছে । ভূমধ্যসাগৰৰ পূব আৰু প্ৰশান্ত মহাসাগৰৰ পশ্চিমৰ দেশসমূহত যথাক্ৰমে ৩৭ শতাংশ আৰু ৩৩ শতাংশ সংক্ৰমণ বৃদ্ধি পাইছে আগৰ তুলনাত ।

দক্ষিণ-পূব এছিয়াত তুলনাত কম, অৰ্থাৎ ন শতাংশ সংক্ৰমণ বৃদ্ধি পাইছে । শেষ সপ্তাহত সমগ্ৰ বিশ্বত কৰ’নাত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে আঠ শতাংশৰ ওচৰত । বিগত এসপ্তাহত ৬৪ হেজাৰ লোক কৰ’নাত আক্ৰান্ত হৈছে । ভূমধ্যসাগৰৰ পূব আৰু প্ৰশান্ত মহাসাগৰৰ পশ্চিমৰ অঞ্চলবোৰত মৃত্যুৰ হাৰ যথেষ্ট বৃদ্ধি পাইছে । এই দুই অংশত ৪৮ শতাংশ আৰু ৩১ শতাংশ মৃত্যুৰ হাৰ বৃদ্ধি পাইছে ।

বিশ্বত সম্প্ৰতি কৰ’না আক্ৰান্তৰ সংখ্যা ২০ কোটিৰো অধিক । মুঠ মৃত্যুৰ সংখ্যা ৪২ লাখৰ ঊৰ্ধ্বত ।

Exit mobile version