ইথানল উৎপাদনত আগ্রহী থলুৱা উদ্যোগীলৈ অসম চৰকাৰৰ ৰাজসাহায্য ঘােষণা

পে'ট্রলজাত সামগ্রীত ২০ শতাংশ ইথানল

petrol

ৰাজ্যিক কেবিনেটে যােৱা চাৰি আগষ্টত ‘অসম ইথানল উৎপাদন উৎসাহন নীতি’ত অনুমােদন জনােৱাৰ পাছতে বৃহস্পতিবাৰে উদ্যোগ আৰু বাণিজ্য মন্ত্রী চন্দ্রমােহন পাটোৱাৰীয়ে ইথানল উৎপাদনত আগ্রহী থলুৱা উদ্যোগী সকলৰ বাবে ৰাজসাহায্য প্রদানৰ কথা প্রকাশ কৰে।

কালি ইয়াত এখন সংবাদমেলত মন্ত্রী পাটোৱাৰীয়ে কয় যে মূলধনী সাহায্য উত্তৰ-পূব ঔদ্যোগিক বিকাশ আঁচনি-২০১৭ৰ অধীনত চি চি আই এ চিৰ সুবিধা অনুসৰি ৩০ শতাংশ ৰাজসাহায্যৰ উপৰি প্রকল্প আৰু যন্ত্ৰৰ বাবে ২০ শতাংশ মূলধন ৰাজসাহায্য লাভ কৰিব সর্বাধিক পাঁচ কোটি টকালৈ।

মন্ত্রীজনে জনােৱা মতে, এই নীতিৰ ম্যাদ ২০২৬ৰ ৩১ মার্চলৈকে থাকিব। বিহাৰৰ পাছতে এনে নীতি গ্রহণ কৰা অসম দেশৰ ভিতৰতে দ্বিতীয় আৰু অগ্রণী ৰাজ্য বুলি উল্লেখ কৰি মন্ত্রী পাটোৱাৰীয়ে কয় যে উত্তৰ-পূব ভাৰতত দেশৰ ৬৬ শতাংশ বাঁহ উৎপাদন হয় আৰু ই অঞ্চলটোত ইথানল প্রকল্প স্থাপনৰ প্ৰচুৰ সম্ভাৱনীয়তা বহন কৰিছে।

মন্ত্রী পাটোৱাৰীয়ে কালি ঘােষণা কৰা অনুসৰি ঔদ্যোগিক উৎপাদন আৰম্ভ কৰা দিনৰ পৰা পাঁচ বছৰৰ বাবে প্রতি ইউনিট বিদ্যুতত এটকা ৰাজসাহায্যৰ লগতে অসমৰ ঔদ্যোগিক আৰু বিনিয়ােগ নীতি ২০১৯ৰ অধীনত অতিৰিক্তভাৱে প্রতি ইউনিট বিদ্যুতত ২.০০ টকা ৰাজসাহায্য, বছৰি সৰ্বাধিক ৭৫.০০ লাখ টকা পর্যন্ত।

পাঁচ বছৰৰ বাবে মূলধন ঋণৰ ওপৰত সুতত পাঁচ শতাংশ ৰাজসাহায্য, প্রতি বছৰে সৰ্বাধিক ৫০ লাখ টকা, ইয়াৰ উপৰি অসমৰ ঔদ্যোগিক আৰু বিনিয়ােগ নীতি ২০১৯ৰ অধীনত অতিৰিক্তভাৱে দুই শতাংশ সুতত ৰাজসাহায্য আৰু এনইআইডিএছ, ২০১৭ৰ অধীনত তিনি শতাংশ সুতৰ ৰাজসাহায্য।

পাঁচ বছৰৰ বাবে এছজিএছটি পৰিশােধত এশ শতাংশ সকাহ, স্থিৰ মূলধন বিনিয়ােগত ২৫০ শতাংশ উচ্চসীমা। পাঁচ বছৰৰ বাবে এন ই আই ডি এছ-২০১৭ৰ অধীনত অতিৰিক্তভাৱে আয়কৰৰ লগতে চি জি এছ টি, আই জি এছ টিৰ কেন্দ্রীয় অংশৰ ৰেহাই। ভূমিক ঔদ্যোগীক শ্ৰেণীৰ ভূমিলৈ ৰূপান্তৰৰ বাবে মাচুলত এশ শতাংশ ৰেহাই আৰু পাঁচ বছৰৰ বাবে স্থায়ী আৱাসীৰ কৰ্মচাৰীৰ ভৱিষ্যনিধিৰ অনুদান ব্যয় পৰিশােধ কৰা হ’ব বুলিও মন্ত্রী পাটোৱাৰীয়ে উল্লেখ কৰে।

অসমৰ ঔদ্যোগিক আৰু বিনিয়ােগ নীতি-২০১৯ৰ অধীনত এই নীতিৰ সাহায্যসমূহ প্ৰদানৰ ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দি পাটোৱাৰীয়ে কয়, এই নীতি ৰূপায়ণৰ বাবে অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে নােডেল বিভাগ হিচাপে কাম কৰিব। পেট্ৰল আৰু ডিজেলৰ স’তে মিশ্ৰণৰ বাবে তেল উৎপাদনকাৰী কোম্পানীবােৰক উৎপাদিত ইথানলৰ এশ শতাংশ যােগান ধৰা জৈৱিক স্বতন্ত্র এশ শতাংশ ইন্ধন-গ্রেড ইথানল উৎপাদনকাৰী প্রকল্পসমূহে এই নীতিৰ অধীনত সাহায্যৰ বাবে যােগ্য হ’ব।

এই নীতিৰ অধীনত এনবিপি ২০১৮ৰ জৰিয়তে অনুমােদিত সকলাে কেঁচামালৰ পৰা ইথানল উৎপাদন কৰিবলৈ দিয়া হ’ব। এন আৰ এলে দুটা ইউৰােপীয় কোম্পানীৰ সহযােগিতাত ইয়াৰ নুমলীগড় শােধনাগাৰৰ কাষতে এটি জৈৱ শােধনাগাৰ স্থাপনৰ বাবে যুটীয়া উদ্যোগত এক প্রকল্প গ্রহণ কৰিছে বুলি লগতে উল্লেখ কৰি তেওঁ কয়, ২০২২-২৩ত আৰম্ভ হ’বলগীয়া এই
শােধনাগাৰে বছৰি তিনি লাখ টন শুকান বাঁহৰ পৰা জৈৱ ইথানল আৰু আন জৈৱ ইন্ধন প্রস্তুত কৰিব।

২৬০০ কোটিটকীয়া এই প্রকল্পত এন আৰ এলৰ অংশ হ’ব ৫০ শতাংশ। ২০১৯ত অভিলেখ পৰিমাণৰ ৭৫০ নিযুত লিটাৰ ইথানল আমদানি কৰা হৈছে আৰু ই হৈছে মুঠ চাহিদাৰ ৩০ শতাংশৰ বেছি। ঘৰুৱা ইথানল উৎপাদনে এনে আমদানি পৰিমাণ হ্রাস কৰিব আৰু অসমৰ ইথানল নীতিয়ে এই উদ্দেশ্য সাধনত গুৰুত্বপূর্ণ ভূমিকা ল’ব।

Exit mobile version