‘নৰেন্দ্ৰ মোদী ষ্টেডিয়াম’ৰ নাম পৰিৱৰ্তন কৰাৰ দাবী সামাজিক মাধ্যমত

media handler

ৰাজীৱ খেলৰত্ন সন্মানৰ নাম সলনি কৰাৰ পাছত নিজৰ নামৰ ষ্টেডিয়ামক লৈ সামাজিক মাধ্যমত সমালোচনাৰ সন্মুখীন হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । আজিয়ে ৰাজীৱ গান্ধীৰ নামৰ পৰিৱৰ্তে মেজৰ ধ্যানচন্দৰ নামত খেলৰত্ন পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

প্ৰধানমন্ত্ৰী মোদীৰ এই পদক সম্ভাষণ জনাইছে সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে । খেল সংক্ৰান্ত কোনো পুৰস্কাৰত ৰাজনীতিবিদৰ নাম থকা উচিত নহয়, বুলি মত প্ৰকাশ কৰিছে তেওঁলোকে ।

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ নাম লৈ সৰৱ হয় বিৰোধী দলৰ সদস্যসকল । প্ৰাক্তন ক্ৰিকেটাৰ ইৰফান পাঠানে খেলৰত্নক লৈ প্ৰধানমন্ত্ৰীৰ সিদ্ধান্তক সমৰ্থন জনায় লিখে, ‘এইটো অতি ভাল পদক্ষেপ, আশা কৰো ভৱিষ্যতে ষ্টেডিয়ামৰ নাম খেলুৱৈসকলৰ নামত কৰা হ’ব ।’

 

Exit mobile version