অবৈধ শিল-বালিৰ ক্ৰেচাৰ স্থাপনৰ বিৰুদ্ধে বাগসাৰ সীমামূৰীয়া বৰপেটা জিলাৰ কাটাঝাৰ পথাৰ গাঁৱত আজি স্থানীয় ৰাইজে এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ কাটাঝাৰ পথাৰ গাঁৱত বিভাগীয় নথিপত্ৰ অবিহনে অবৈধভাৱে গঢ়ি উঠা তিনিটাকৈ ক্ৰেচাৰ মিলৰ বিৰুদ্ধে স্থানীয় ৰাইজ আজি সৰৱ হৈ ‘অবৈধ ক্ৰেচাৰ মিল বন্ধ কৰক, আমাক ক্ৰেচাৰ মিল নালাগে,গাঁৱত ক্ৰেচাৰ মিল স্থাপন কাৰ্য বন্ধ কৰক’ আদি বিভিন্ন শ্লোগান দি এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক গুৰুত্ব প্ৰদান কৰিবলৈ দাবী জনায় ৷
উল্লেখ্য যে কাটাঝাৰ পথাৰ গাঁৱত ওচৰা-ওচৰিকৈ দুটাকৈ ক্ৰেচাৰ মিল সম্পূৰ্ণ হৈ উঠিছে যদিও প্ৰায় এশ মিটাৰ দূৰত্বত বৰপেটা ৰোডৰ ইছলাম উদ্দিন নামৰ ব্যৱসায়ী এজনে আন এটা ক্ৰেচাৰ স্থাপনৰ যো-জা চলাইছে ৷ ৰাইজে অভিযোগ কৰি কয় যে ক্ৰেচাৰ মিলসমূহৰ বাবে স্থানীয় ৰাইজে বিভিন্ন ধৰণে দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৷ দিনে নিশাই ক্ৰেচাৰৰ বৃহৎ বৃহৎ শব্দই ওচৰ চুবুৰীয়াক অশান্তি দি অহাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ শিক্ষা জীৱনলৈও ভাবুকিৰ সৃষ্টি কৰিছে ৷
ক্ৰেচাৰ মিলে শব্দ প্ৰদূষণ কৰাৰ লগতে মিলৰ ধূলি-বালিয়ে ঘৰ-দুৱাৰ আদি কৰি খেতি বাতিৰো অনিষ্ট সাধন কৰিছে ৷ বিষয়টো পূৰ্বে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰা হৈছিল যদিও বৰ্তমানলৈ কোনো ধৰণৰ কাণসাৰ দিয়া নাই বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷ উল্লেখযোগ্য যে ক্ৰেচাৰ মিল কেইটাৰ পৰা মাত্ৰ ৫০ মিটাৰ নিলগতে আছে মন্দিৰ, মছজিদ আৰু এখন প্ৰাথমিক বিদ্যালয় ৷ ৰাইজে যিকোনো প্ৰকাৰে গাঁও অঞ্চলত স্থাপন কৰা ক্ৰেচাৰ মিলকেইটা বন্ধ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক পুনৰাই দাবী উত্থাপন কৰিছে ৷