অসম আন্দোলনৰ কৰ্মী, বিশিষ্ট অধিবক্তা দীপক দাসৰ পৰলোকপ্ৰাপ্তি

WhatsApp Image 2021 08 07 at 5.24.52 PM

অসম আন্দোলনৰ কৰ্মী, বিশিষ্ট অধিবক্তা, সুদক্ষ অভিনেতা , বিশিষ্ট সমাজ কৰ্মী তথা হাউলীৰ নিৱাসী দীপক দাসৰ আজি আবেলি দুই বজাত পৰলোক প্ৰাপ্তি ঘটে।

তেখেতে যোৱা কে’বামাহ ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ বৰ্তমানে তেওঁ চিকিৎসাধীন অৱস্থাত আছিল। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৬৭ বছৰ।

মৃত্যুৰ সময়ত তেখেতে পত্নী,দুগৰাকী কন্যাৰ লগতে অসংখ্য গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়। উল্লেখ‍্য যে ঐতিহাসিক অসম আন্দোলনৰ সময়ত সামৰিক বাহিনীৰ দ্বাৰা নিৰ্য্যাতিত হৈ তেখেতে কেবাবাৰো কাৰাবাস খাটিবলগীয়া হৈছিল।

আন্দোলনৰ সময়ত সেই সময়ৰ আন্দোলনৰ নেতৃত্ব দিয়া সকলক আইনী পৰামৰ্শ দি বিভিন্ন ধৰণে সহায় কৰিছিল। তেখেত এগৰাকী সুদক্ষ অভিনেতা হিচাপেও হাউলীত জনপ্ৰিয় আছিল।

তেখেত ফুটবল খেলটো আগৰণুৱা আছিল। মৃত্যুৰ আগমূহুৰ্ত লৈ তেখেতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতপ্ৰোতভাৱে জড়িত আছিল। অধিবক্তা হিচাপে তেওঁ বৰপেটা আদালতত সুখ্যাতি অৰ্জন কৰিছিল আৰু তেওঁ এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰিছিল।

দীপক দাসৰ মৃত্যুত হাউলী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি যুগান্ত বায়নে গভীৰ শোক প্ৰকাশ কৰি দাসে আন্দোলনৰ সময়ত আগবঢ়োৱা সহায়-সহযোগৰ কথা শ্ৰদ্ধাৰ সোঁৱৰে। তেখেতৰ মৃত্যুত প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, হাউলী ৰাস মহোৎসৱ সমিতিৰ সভাপতি ভগীৰথ নাথ, সম্পাদক অমৰেন্দ্ৰ পাঠক, হাউলী ৰাস মহোৎসৱৰ মানৱ সম্পদ উন্নয়ন সমিতিৰ সভাপতি মহানন্দ পাঠক, সমন্বয়ক ভৃগুদেৱ অসমীয়া, হাউলী নগৰ উন্নয়ন পৰিষদত সভাপতি শ্ৰী পৰমানন্দ দাস ,সম্পাদক জয়ন্ত বায়ন, বৃহত্তৰ হাউলী উন্নয়ন পৰিষদৰ সম্পাদক ধৰণীধৰ দাস, হাউলী আঞ্চলিক ছাত্ৰ সন্থা, সদৌ হাউলী ৰঙালী বিহু সন্মিলন সমিতি, হাউলী ক্ৰীয়া সন্থা,হাউলী সাংবাদিক সন্থাৰ লগতে বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে |

Exit mobile version