পহুমৰা জলসিঞ্চন সংমণ্ডল কাৰ্যালয় স্থানান্তৰৰ প্ৰতিক্ৰিয়া

সৰুপেটাত বিধায়কসহ ৰাইজৰ ধৰ্ণা, প্ৰতিবাদী সভা

black raised hands flames fire 260nw 1781539382

পহুমৰা জলসিঞ্চন সংমণ্ডলৰ সৰুপেটাস্থিত কাৰ্যালয়টো সৰুপেটাৰ পৰা স্থানান্তৰৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে আজি তীব্ৰ প্ৰতিক্ৰিয়া আৰু ক্ষোভ প্ৰকাশ কৰে ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়কৰ লগতে সৰুপেটা-ভৱানীপুৰ অঞ্চলৰ ৰাইজে । সৰুপেটা অঞ্চলৰ লগতে বৃহত্তৰ ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক আৰু ৰাইজে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে পহুমৰা জলসিঞ্চন সংমণ্ডলৰ সৰুপেটাস্থিত কাৰ্যালয়টো ভৱানীপুৰ-পাটাছাৰকুছি জলসিঞ্চন সংমণ্ডল নামাকৰণেৰে বজালী জিলা সদৰলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত গৃহীত হৈছে চৰকাৰৰ কেবিনেটত । চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সৰুপেটা অঞ্চলৰ লগতে বৃহত্তৰ ভৱানীপুৰ বিধানসভা সমষ্টিৰ ৰাইজ।

আজি দিনৰ ১১ বজাৰ পৰা দুই বজালৈ পহুমৰা জলসিঞ্চন সংমণ্ডলৰ সৰুপেটাস্থিত কাৰ্যালয়ৰ সন্মুখত পহুমৰা জলসিঞ্চন সংমণ্ডলৰ নামটো বিলুপ্তি ঘটাই নতুন নামাকৰণেৰে সংমণ্ডলৰ কাৰ্যালয়টো স্থানান্তৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰৰ লগতে বহুসংখ্যক ৰাইজে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে প্ৰতিবাদী সভা অনুস্থিত হয় ।

ধৰ্ণাস্থলীত অনুষ্ঠিত প্ৰতিবাদী সভাত ভাষণ দি ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰে পহুমৰা জলসিঞ্চন সংমণ্ডল নামটো বিলুপ্তি ঘটাই কাৰ্যালয়টো স্থানান্তৰৰ চৰকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে । বিধায়ক ফনীধৰ তালুকদাৰে তেওঁৰ ভাষণত কয়, ‘পহুমৰা জলসিঞ্চন সংমণ্ডলৰ সৰুপেটাস্থিত কাৰ্যালটো সৰুপেটা তথা ভৱানীপুৰ বিধানসভা সমষ্টিৰ পৰা স্থানান্তৰিত কৰিবলৈ নিদিও । সৰ্বশক্তিৰে বাধা দিয়া হ’ব । প্ৰয়োজনত আত্মজাহ দিম।’

সৰুপেটাৰ সমাজকৰ্মী বিতু চৌধুৰীয়ে আত ধৰা প্ৰতিবাদী সভাত বিশিষ্ট নাগৰিক অৰবিন্দ বৰ্মণ, বিজন বায়ন, অক্ষয় ডেকা, নাগেশ বৈশ্য, প্ৰাণেশ্বৰ বৈশ্য, চিত্তৰঞ্জন দাস, প্ৰণজিৎ দাসেও পহুমৰা জলসিঞ্চন সংমণ্ডল নামটো বিলুপ্তিৰে সৰুপেটাস্থিত কাৰ্যালটো স্থানান্তৰিত কৰাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি ভাষণ দিয়ে । তদুপৰি ধৰ্ণাস্থলীত বিধায়ক আৰু ৰাইজে বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

Exit mobile version