‘বিগ বি’ৰ বাংলোসহ চাৰি ঠাইত ‘বোমা’ ! গ্ৰেপ্তাৰ দুই ধৃত

freepressjournal 2021 08 b0c8039f 085e 45fc 9536 5efa34ec9362 Mumbai Police PTI Image 1

মুম্বাই আৰক্ষীয়ে ফোনযোগে খবৰ পায় যে চাৰি ঠাইত বোমা ৰখা হৈছে । এই তথ‌্য অনুসৰিয়ে দুজন লোকক গ্ৰপ্তাৰ কৰা হয় । আৰক্ষী সূত্ৰে, এই দুজন লোকেই সুৰামত্ত অৱস্থাত আৰক্ষীক ফোন কৰিছিল । শুকুৰবাৰে নিশা মুম্বাই আৰক্ষীয়ে ফোন লাভ কৰে, অমিতাভ বচ্চনৰ বাংলো, ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ, বাইকুল্লা, দাদৰ ৰেলৱে ষ্টেচনত বোমা ৰখা হৈছে । লগে লগে নিৰাপত্তা বঢ়াই তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে । গ্ৰেপ্তাৰৰ পাছত দুয়োজনে দাবী কৰে যে, তেওঁলোকে মুম্বাই আৰক্ষীৰ দক্ষতা আৰু তৎপৰতাৰ পৰীক্ষা কৰিছিল ।

নিশা ন বজাত ফোনটো লাভ কৰাৰ পাছত বম্ব্ ডিটেক্সন এণ্ড ডিছপ’জল স্কোৱাড (বিডিডিএছ) আৰু ডগ স্কোৱাড লৈ উলাই পৰে আৰক্ষী । এজন আৰক্ষী বিষয়াই জনায়, ‘যি কেইখন ঠাইৰ কথা উল্লেখ কৰিছিল সেই কেইখন ঠাইৰ সকলো আৰক্ষী থানাক আমি খবৰ দিছিলো । পাছত সেই নম্বৰত পুনৰ ফোন কৰোতে কয়, যিয়ে ফোন কৰিছিল তেওঁ এতিয়া ব্যস্ত হৈ আছে, বিৰক্ত নকৰিব । অৱশেষত নিজৰ ফোন বন্ধ কৰি দিয়ে লোকজনে ।’

পাছত নম্বৰটো ট্ৰেক কৰি মুম্বাই আৰক্ষীৰ অপৰাধ দমন শাখাৰ ক্ৰাইম ইণ্টেলিজেন্স ইউনিটে মুম্বাইৰ কল্যাণ ছিলপাতা অঞ্চলৰ পৰা ব্যক্তি দুজনক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে জানিবলৈ দিয়ে যে, ব্যক্তি দুজনৰ মন্তব্য, তেওঁলোকে ‘গাটাৰি’ উৎসৱ পালন কৰিছিল । সেই সুৰামত্ত হৈ ফোন কৰিছিল ।

ধৃত দুই ব্যক্তিয়ে গাড়ী চালক । তেওঁলোক ৰাজু (৩২) আৰু ৰমেশ (২৮) ।

Exit mobile version