পৃথক ৰাজ্যৰ দাবী লাডাখত, ৩৭০ প্ৰত্যাহাৰক লৈ কেন্দ্ৰৰ বিৰোধী বিজেপি নেতাসকল

kargil leh division protests pti

কাশ্মীৰৰ পৰা পৃথক হৈ উচ্ছাস লৈছিলহে মাত্ৰ; কিন্তু দুবছৰ পূৰ্ণ নৌহওঁতেই অৱস্থান পৰিৱৰ্তনৰ ইংগিত পোৱা গ’ল লাডাখত । এইবাৰ তেওঁলোকৰ দাবী পৃথক ৰাজ্যৰ । এই বিষয়ত চাপ বৃদ্ধি কৰিবৰ বাবে মুছলিম অধ্যুষিত কাৰ্গিলৰ স’তে একজোঁট হয় তেওঁলোক । এই বিষয়ত এক আগষ্টত জৰুৰী বৈঠক কৰে দুই অঞ্চলৰ ৰাজনৈতিক নেতাসকলে ।

উক্ত বৈঠকত কেন্দ্ৰীয়শাসিত অঞ্চলৰ মৰ্যাদা সৰ্বসন্মতভাৱে খাৰিজ কৰে তেওঁলোকে । ইয়াৰ পৰিৱৰ্তে পৃথক পূৰ্ণ ৰাজ্যৰ মৰ্যদাসহ অন্যান্য দাবীৰে দিল্লীত দৰবাৰৰ বাবে একমত হয় সকলোৱে । তৎপৰ্যপূৰ্ণভাৱে এই বেঠকত উপস্থিত আছিল বিজেপি নেতাসকলো । তেওঁলোকেও পৃথক ৰাজ্যৰ দাবী সমৰ্থন কৰিছে ।

২০১৯ৰ চাৰি আগষ্ট পৰ্যন্ত লাডাখ জম্মু-কাশ্মীৰৰ অংশ আছিল । কিন্তু পাঁচ আগষ্টত সংবিধানত সংৰক্ষিত জম্মু-কাশ্মীৰৰ মৰ্যাদা খাৰিজ কৰে কেন্দ্ৰ‌ই । জম্মু-কাশ্মীৰ আৰু লাডাখক ভাঙি পৃথক দুখন কেন্দ্ৰশাসিত অঞ্চলৰ ঘোষণা কৰা হয় ।

বিষয়টোক লৈ সমগ্ৰ উপত্যকা উত্তাল হৈ থকাৰ সময়ত সম্পূৰ্ণ বিপৰীতধৰ্মী ছবি দেখা গৈছিল লাডাখত । লেহ-ৰ পথত উৎসৱমুখী পৰিৱেশ দেখা গৈছিল আৰু কাৰ্গিলত শ্মশানৰ নিৰৱতা । পৰৱৰ্তী সময়ত চৰকাৰ বিৰোধী বিক্ষোভো আৰম্ভ হয় । কিন্তু বিগত দুবছৰৰ নানান ঘাত-প্ৰতিঘাত অতিক্ৰম কৰি সম্প্ৰতি ৰাজ্যৰ মৰ্যদাত একজোঁট লেহ আৰু কাৰ্গিল ।

ইয়াৰ পূৰ্বে, লেহ-ত বসবাসকাৰী সংখ্যাগৰিষ্ঠ বৌদ্ধসকলে কেন্দ্ৰশাসিত অঞ্চলৰ তকমা মানি লৈছিল । কেৱল পৃথক সংবিধানৰ দাবী জনাইছিল তেওঁলোকে । সম্প্ৰতি পৃথক ৰাজ্যৰ দাবীত সৰৱ হৈছে লাডাখ । তদুপৰি, ৰাজ্যৰ মৰ্যদাৰ লগতে চাকৰিৰ সুৰক্ষাও বিচাৰে লাডাখে, যাতে কোনো আহি ভূমি ক্ৰয় কৰি বসবাস আৰু চাকৰি কৰিব নোৱাৰে । বিশেষ মৰ্যাদা থকাকালীন এই ব্যৱস্থা বাহাল আছিল ।

বিগত বৰ্ষত লাডাখত স্বায়ত্বশাসনৰ দাবী কৰা হৈছিল । ইয়াত উপস্থিত আছিল বিজেপি সাংসদ থুপস্তান ছেৱাং, নেচনেল কনফাৰেন্স (এনচি)ৰ প্ৰাক্তন ৰাজ্যসভা সাংসদ টিকছে ৰিনোপচি, লাডাখ প্ৰদেশ কংগ্ৰেছৰ সভাপতি নৱাং ৰিগজিন জোৰা আৰু লাডাখৰ বিজেপি নেতা তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মন্ত্ৰী চেৰিং দোৰজে । এক আগষ্টৰ বৈঠকৰ পাছত বিজেপিৰ থুপস্তান ছেৱাঙে জনায়, লেহ-ৰ অন্য বিজেপি নেতাসকলেও পৃথক ৰাজ্যৰ মৰ্যদা দাবীক সমৰ্থন কৰিছে ।

লাডাখৰ ৯৭ শতাংশ জনসংখ্যাই তফছিলি সম্প্ৰদায়ৰ । সেয়ে তাত সংবিধানৰ অনুসূচি অনুসৰি লাডাখৰ উপজাতি অঞ্চলবোৰক বিশেষ সংৰক্ষণ আৰু স্বায়ত্বশাসন দিয়াৰ অনুৰোধ কৰিছে ৰাষ্ট্ৰীয় তফছিলি উপজাতি কমিছনে । এই দাবী পূৰণৰ দাবীত বিগত বৰ্ষৰ ছেপ্টেম্বৰত লাডাখ স্বতন্ত্ৰ পাৰ্বত্য উন্নয়ন পৰিষদকো বয়কট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

তাত বিজেপি, কংগ্ৰেছ আৰু আম আদমি পাৰ্টিৰ নেতাসকলে স্বাক্ষৰ কৰে । লাডাখত দলৰ নেতাসকলৰ এনে কাৰ্যত অস্বস্তিত পৰে দিল্লীৰ বিজেপি নেতাসকল । আকৌ পৃথক ৰাজ্যৰ দাবীয়ে তেওঁলোকৰ চিন্তা বৃদ্ধি কৰিছে ।

Exit mobile version