বি-৫২ যুদ্ধবিমানেৰে বোমাবৰ্ষণ আমেৰিকাত, আফগানিস্তানত নিহত দুশ তালিবান সন্ত্ৰাসবাদী

Taliban Afghan forces 1627869573036 1627869628966

আফগানিস্তানত তালিবানৰ ওপৰত তীব্ৰ আক্ৰমণ আমেৰিকাৰ । বায়ুসেনাৰ আক্ৰমণত দুশৰো অধিক তালিবান সন্ত্ৰাসবাদী নিহত হৈছে বুলি দাবী কৰিছে আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে ।

ADVERTISEMENT

মন্ত্ৰণালয়ৰ এজন অধিকাৰী ফাৱাদ আমনে টুইট কৰি কয়, ‘ছেবেৰগান চহৰত বিমান আক্ৰমণত দুশৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছে । তেওঁলোকৰ কেইটামান গোপন ঠিকনাও ধ্বংস কৰি দিয়া হৈছে ।’

শনিবাৰে সন্ধিয়াৰ পৰাই আক্ৰমণৰ গতি বৃদ্ধি কৰিছে আফগান সেনাই । আক্ৰমণৰ কৌশল হিচাপে তেওঁলোকক সহযোগ কৰিবৰ বাবে বায়ুসেনাক কামত লগাইছে আমেৰিকাই ।

ফাৱাদে জনায়, আফগান সেনাই গোপন সূত্ৰে খবৰ লাভ কৰিছিল যে জৌজান প্ৰদেশৰ ছেবেৰগান চহৰত শতাধিক সন্ত্ৰাসবাদী লুকাই আছে । ইয়াৰ পাছতেই বিমানেৰে আক্ৰমণ চলোৱা হয় । আমেৰিকাৰ বি-৫২ বিমানে বোমাবৰ্ষণ কৰি সন্ত্ৰাসবাদীসকলৰ গোপন স্থান লক্ষ্য কৰে । এই আক্ৰমণতে দুশৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছে বুলি দাবী কৰিছে কাবুলে ।

দুদিন পূৰ্বেই জৌজান প্ৰদেশৰ ছেবেৰগান চহৰ তালিবানে আধিপত্য কৰে । নিমৰোজ প্ৰদেশৰ দ্বিতীয়খন প্ৰাদেশিক ৰাজধানী দখল কৰিলে তালিবানে । শুকুৰবাৰৰ পৰাই আফগান সেনা আৰু তালিবান সন্ত্ৰাসবাদীসকলৰ যুদ্ধ চলি আছিল ছেবেৰগান চহৰত ।

Exit mobile version