৭০খন বিমান মুকলি কৰি বিমান ভ্রমণৰ সুলভ সুযােগ প্রদানৰ পৰিকল্পনা

jaheqne8 rakesh jhunjhunwala

কম খৰচতে মধ্যবিত্তৰ সপোেন। পূৰণ কৰাৰ লক্ষ্যৰে এক নতুন বিমান সেৱা সংস্থা মুকলি কৰাৰ পৰিকল্পনা কৰিছে ভাৰতৰ কোটিপতি ব্যৱসায়ী ৰাকেশ ঝুনঝুনৱালাই। ভাৰতত বিমান চলাচলৰ পৰিৱেশ আৰু অধিক সহজসভ্য কৰি তােলাৰ পৰিকল্পনাৰে ঝুনঝুনৱালাই আগন্তুক কেইটামান বছৰৰ ভিতৰতে ৫০ৰাে অধিক নতুন বিমান চলাচল আৰম্ভ কৰাৰ লক্ষ্য স্থিৰ কৰিছে।

দেশৰ শিল্প মহলত ভাৰতৰ ‘ৱাৰেন বাফেট, নামেৰে জনাজাত। ৬১ বছৰীয়া প্রসিদ্ধ ব্যৱসায়ীজনে আগন্তুক চাৰি বছৰৰ ভিতৰত মুঠ এনে ৭০ খন বিমান মুকলি কৰি ভাৰতৰ মধ্যবিত্ত শ্রেণীৰ যাত্রীসকলক আকাশীপথত ভ্রমণ কৰাৰ সুলভ সুযােগ প্রদানৰ সপােন দেখিছে।

সম্প্রতি ব্লুমবার্গ ডট কমক এক সাক্ষাৎকাৰ যােগে এই পৰিকল্পনাৰ বিষয়ে অৱগত কৰিছে ব্যৱসায়ীজনে। ব্লুমবার্গ টেলিভিছনৰ স’তে হােৱা এক সাক্ষাৎকাৰত কয় যে এই বিমান সেৱা মুকলি কৰাৰ বাবে তেওঁ ৩৫ নিযুত ডলাৰ বিনিয়ােগৰ কথা বিবেচনা কৰিছে।

আগন্তুক ১৫ দিনৰ ভিতৰত দেশৰ ভিতৰত দেশৰ অসামৰিক বিমান পৰিবহণ মন্ত্রণালয়ৰ পৰা নাে অৱজেকছন চার্টিফিকেট লাভৰ প্রত্যাশা কৰা বুলি জনাইছে ঝুনঝুনৱালাই। এই প্রমাণপত্র লাভৰ পাছতে ‘অক্ষ এয়াৰ’ নাম দি নতুন এক বিমান সংস্থা মুকলি কৰিব বুলি সদৰী কৰিছে তেওঁ।

এই সংস্থাটোৰ প্রত্যেকখন বিমানতে ১৮০জনকৈ যাত্রীয়ে এবাৰত যাত্ৰা কৰিব পাৰিব। ইতিমধ্যে ডেলটা এয়াৰলাইনছৰ এজন প্রাক্তন কার্যবাহী বিষয়াক নতুনকৈ মুকলি হ’বলগীয়া অক্ষ এয়াৰ নামৰ এই সংস্থাটোৰ শীর্ষ পদত নিযুক্তি দিয়া বুলি জানিব পৰা গৈছে। উল্লেখ্য যে পৰিসংখ্যা অনুযায়ী দেখা গৈছে যে অন্যান্য দেশৰ তুলনাত দ্রুত হাৰত বৃদ্ধি পাইছে ভাৰতৰ বিমান যাত্রীৰ সংখ্যা।

কম খৰচত যাতে মধ্যবিত্ত সকলেও বিমানযােগে যাত্রা কৰাত অভ্যস্ত হ’ব পাৰে তাৰ লক্ষ্যৰে ৰাকেশ ঝুনঝুনৱালাই এই ব্যৱসায়ৰ প্ৰসাৰত গুৰুত্ব দিছে।

Exit mobile version