আগষ্টত পুনৰ ক’ভিডৰ সংক্ৰমণৰ নতুন অভিলেখ আমেৰিকাত

1594140053 2020 07 07t161155z 1 lynxmpeg661cu rtroptp 4 health coronavirus

আমেৰিকাত চলিত আগষ্টত ক’ভিডৰ সংক্রমণে পুনৰ নতুন আতংকৰ সৃষ্টি কৰিছে। প্রতিদিনে এক লাখৰাে অধিক লােক দেশখনত ক’ভিডত সংক্রমিত হৈছে।

যােৱা জুনৰ অন্তিম ভাগত আমেৰিকাত দৈনিক সংক্রমণ আছিল ১১ হেজাৰৰ আশে-পাশে। কিন্তু সম্প্রতি দেশখনত দৈনিক এক লক্ষাধিক লােক এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈছে।

মূলতঃ ‘ডেল্টা’ প্রজাতিৰ সংক্ৰমণৰ ফলত আমেৰিকাত আগষ্টত ক’ভিডৰ সংক্রমণে নতুন আতংকৰ সৃষ্টি কৰিলে। যােৱা পহিলা আগষ্টত দেশখনত কৰ’নাত আক্ৰান্ত হৈছিল ২৩ হেজাৰ ১৩৯ জন লােক।

কিন্তু ইয়াৰ পিছদিনা অর্থাৎ দুই আগষ্টত আমেৰিকাত ক’ভিড আক্রান্তৰ সংখ্যা আছিল এক লাখ ৩৬ হেজাৰৰাে অধিক। ইয়াৰ পাছৰে পৰা দেশখনত প্রতিদিনে লক্ষাধিক লােক ক’ভিডত সংক্রমিত হৈ আহিছে।

সবাতােকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ব্যাপক টিকাকৰণৰ পাছতাে আমেৰিকাত ক’ভিডৰ সংক্রমণ নিয়ন্ত্রণ কৰাটো সম্ভৱ হােৱা নাই। ইতিমধ্যে আমেৰিকাত ৭০ শতাংশ টিকাকৰণ সম্পন্ন হৈছে, কিন্তু ইয়াৰ পাছতাে সংক্রমণৰ উধ্বর্গতি অব্যাহত আছে।

দেশখনৰ ভিতৰতে সর্বাধিকসংখ্যক লােক কৰ’নাত আক্ৰান্ত হৈছে ফ্ল’ৰিডা, টেক্সাছ, মিছৌৰী, আৰকানচাছ, লুইজিয়ানা, আলাবামা আৰু মিচিচিপিত।

Exit mobile version