গঁড়ৰ খৰ্গৰ বিকল্প হিচাপে বনৰৌৰ চাহিদা বৃদ্ধি আন্তঃৰাষ্ট্ৰীয় বজাৰত

indian pangolin

অসমৰ এশিঙীয়া গঁড়ৰ চোৰাং চিকাৰ আৰু খর্গ সৰবৰাহ হ্রাস পাই অহাত এইবাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত বনৰেী (পেংগলিন)ৰ চাহিদা ব্যাপক হাৰত বৃদ্ধি পাইছে। এই চাহিদাৰ ভিত্তিতে অসমত শেহতীয়াকৈ এই দুষ্প্রাপ্য ‘কেমটাই পহু’ (অসমীয়াত বনৰৌক কেমটাই পহু বুলিও কোৱা হয়)ৰ অবাধ হাৰত হত্যা যজ্ঞ চোৰাং চিকাৰীয়ে অব্যাহত ৰখাৰ তথ্য লাভ কৰিছে বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ ব্যুৰ’ৱে।

উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় বজাৰত গঁড়ৰ খৰ্গৰ ব্যাপক হাৰত চাহিদা থকাৰ মূল কাৰণ হৈছে খর্গত থকা কেটিন নামৰ এবিধ পদার্থ। লােকবিশ্বাস অনুসৰি এই কেৰাটিন পদাৰ্থত ৰােগ নিৰাময় কৰিব পৰা চমৎকাৰী গুণ আছে আৰু ইয়াৰ জৰিয়তে চীনত পৰম্পৰাগত ঔষধ তৈয়াৰ কৰা হয়। সমান্তৰালভাৱে এই কেৰাটিন বনৰৌৰ বাকলিতাে পােৱা যায়। সেয়েহে শেহতীয়াকৈ গঁড় হত্যা হ্রাস হােৱাৰ ফলত খৰ্গৰ অভাৱত আন্তঃৰাষ্ট্ৰীয় বজাৰত অস্বাভাৱিকভাৱে চাহিদা বৃদ্ধি পাইছে বনৰেীৰ বাকলিৰ।

ইয়াৰ সুযােগ লৈ অসমসহ উত্তৰ-পূবকে ধৰি সমগ্ৰ দেশতে এক বৃহৎ চোৰাং বজাৰ গঢ় লৈ উঠিছে। উল্লেখ্য যে উত্তৰ-পূবত মুঠ চাৰিটা প্ৰজাতিৰ বনৰেী পােৱা যায় বুলি বিশেষজ্ঞসকলে সদৰী কৰিছে। পশু চিকিৎসা বিষয়া ডাঃ মিনতি দাসে সদৰী কৰা অনুসৰি, বনৰেী হৈছে পৃথিৱীৰ একমাত্র স্তন্যপায়ী প্রাণী যাৰ সৰ্বশৰীৰত ৰৌমাছৰ দৰে বাকলিৰ নিচিনা বর্ম থাকে। ৰৌমাছৰ দৰে চকলীয়া বাকলি থকা বাবেই অসমীয়াত ইয়াক বনৰেী বুলি কোৱা হয় আৰু এই বাকলিৰ চাহিদা থকাৰ বাবে বনকে হত্যা কৰা হয় বুলি ডাঃ দাসে কয়।

ইফালে, গঁড়ৰ খৰ্গৰ অভাৱৰ বাবে ভাৰতৰ সংশ্লিষ্ট ৰাজ্যসমূহত বনৰৌৰ চোৰাং সৰবৰাহ বৃদ্ধি পাইছে বুলি সন্দেহ ব্যক্ত কৰিছে বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ ব্যুৰৱে। বন্যপ্রাণী অপৰাধ নিয়ন্ত্ৰণৰ এক শীর্ষ সূত্রই উত্তৰ-পূবতাে ইয়াৰ সৰবৰাহ বৃদ্ধি পাইছে বুলি প্ৰকাশ কৰি সময়ে সময়ে ইয়াৰ বিৰুদ্ধে অভিযান অব্যাহত আছে বুলি সদৰী কৰে। এই বনৰৌ পাহাৰ অঞ্চলত অধিক পােৱা যায়। সেয়েহে অসমৰ কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ আদিৰ উপৰি মেঘালয় আদিত ইয়াৰ চোৰাং চিকাৰ বৃদ্ধি পােৱা বুলি প্ৰকাশ কৰি সূত্ৰটোৱে কয় যে বনৰৌৰ চাহিদা বৃদ্ধিৰ পাছতে সমগ্র দেশতে ইয়াৰ এক বৃহৎ ক’লা বজাৰ গঢ় লৈ উঠিছে।

ইয়াৰ বিৰুদ্ধে অভিযান চলােৱা হৈছে যদিও সৰবৰাহৰ লগত জড়িত এজেন্টসকলহে সময়ে সময়ে জালত পৰিছে। স্থানীয় লােকসকলে হত্যা কৰাৰ পাছত এই এজেন্টসকলে বহু স্থানৰ পৰা বনৰৌসমূহ সংগ্ৰহ কৰি সৰবৰাহৰ চেষ্টা চলাই আহিছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰে। লগতে কয় যে এটা বনৰৌৰ পৰা প্ৰায় চাৰিশ-পাঁচশ গ্রাম বাকলি ওলায়। সেয়ে বিভিন্ন স্থানৰ পৰা ইয়াক সংগ্রহ কৰে কেবাটাও চক্রই।

অসমৰ লংকা, মাইবাং আৰু শ্বিলঙত ইয়াৰ গােপন গুদাম থকাৰ তথ্য লাভ কৰিছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰি ইয়াৰ বিৰুদ্ধে তিনি-চাৰিদিন পূর্বে লংকা আৰু মাইবাঙত অভিযান চলােৱা হৈছিল বুলি কয়। উল্লেখ্য যে বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ ব্যুৰ’ৱে সদৰী কৰা তথ্য অনুসৰি, চলিত বৰ্ষত অসম আৰু মেঘালয়ত চলােৱা ছটাকৈ অভিযানত প্রায় ৬২ কিলােগ্রাম বনৰেীৰ বাকলি জব্দ কৰা হৈছে। সমান্তৰালভাৱে এই অভিযানত ব্যুৰৱে তিনিটা জীৱিত বনৰে উদ্ধাৰ কৰাৰ লগতে প্রায় ৩৪জন সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিছে।

তথ্য অনুসৰি, ১১ জানুৱাৰীত খানাপাৰত এটা চীনা জীৱিত বনৰেীসহ দুজনক, ১২ জানুৱাৰীত কাজলগাঁৱত এটা জীৱিত বনৰেীসহ চাৰিজনক, ১৮ মার্চত এটা চীনা বনৰেীসহ চাৰিজনক, ১৭ এপ্রিলত পাঁচ কিলােগ্রাম বনৰেীৰ বাকলিসহ দুজনক, ১৯ এপ্রিলত শ্বিলঙত চাৰিটা জীৱিত বনৰৌ আৰু ৪৪.২৮ কিলােগ্রাম বনৰৌৰ বাকলিসহ ১০জনক আৰু ১৮ জুলাইত বােকাজানত ১২.৩৩ কিলােগ্রাম বনৰৌৰ বাকলিসহ দুজনক গ্রেপ্তাৰ কৰা হৈছে। উল্লেখ্য যে তদন্তকাৰী বিভাগৰ সূত্র অনুসৰি,অসম-মেঘালয়ৰ এই চোৰাং সৰবৰাহৰ লগত কেবাটাও চক্র জড়িত হৈ আছে।

এটা চক্রই বনৰৌ হত্যা কৰাৰ পাছত আন এটা চক্ৰক গতাই দিয়ে আৰু সেই চক্ৰটোৱে শ্বিলং, মাইবাং আদি স্থানত থকা গুদামত বিভিন্ন স্থানৰ পৰা সংগ্রহ কৰি একগােট কৰে। বিভিন্ন স্থানৰ পৰা বনৰৌৰ বাকলি একগােট কৰি এই চক্ৰটোৱে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশলৈও সৰবৰাহ কৰি অহাৰ কথা সূত্ৰটোৱে প্ৰকাশ কৰে। ইতিমধ্যে ম্যানমাৰলৈও সৰবৰাহ হােৱা তথ্য লাভ কৰিছে বুলি সূত্ৰটোৱে কয়। উল্লেখ্য যে বনৰৌৰ চীনলৈ সৰবৰাহ হােৱাৰ বিতং তথ্য এতিয়ালৈকে বিভাগে লাভ কৰা নাই যদিও ২০১৫ত মধ্যপ্রদেশৰ এটা গােচৰত ১০৭ জন চোৰাং সৰবৰাহকাৰী যেতিয়া গ্রেপ্তাৰ হৈছিল এই সৰবৰাহৰ যােগসূত্র ম্যানমাৰলৈ পােৱা গৈছিল বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে।

ইফালে, বনৰেী সৰবৰাহৰ বিৰুদ্ধে সমগ্র দেশৰ বিভিন্ন স্থানত বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ ব্যুৰৱে যৌথভাৱে চলােৱা অভিযানত অসম, মেঘালয়ৰ সমান্তৰালভাৱে মধ্যপ্রদেশতাে বৃহৎ পৰিমাণৰ বনৰেী আৰু বাকলি জব্দ কৰিবলৈ সক্ষম হৈছে। তথ্য অনুসৰি, চলিত বৰ্ষৰ পাঁচ জানুৱাৰীত তামিলনাড়ুত ছয় কিলােগ্রাম বনৰৌৰ বাকলিসহ পাঁচজনক, ২৫ জানুৱাৰীত পশ্চিমবংগত এটা জীৱিত বনৰেীসহ তিনিজনক, ২৯ জানুৱাৰীত এটা জীৱিত বনৰৌসহ চাৰিজনক মধ্যপ্রদেশত, একেখন ৰাজ্যতে ২২ ফেব্ৰুৱাৰীত দুটা জীৱিত বনৰৌসহ পাঁচজনক, দুই মার্চত এটা জীৱিত বনৰেীসহ দুজনক, ১৬ এপ্রিলত নাগপুৰত এটা জীৱিত বনৰেীসহ পাঁচজনক, ২১ জুনত হিমাচল প্ৰদেশত চাৰে চাৰি কিলােগ্রাম বনৰেীৰ বাকলি আৰু ২৮ জুনত মধ্যপ্রদেশত আঢ়ৈ কিলােগ্রাম বনৰৌৰ বাকলিসহ দুজনক গ্রেপ্তাৰ কৰে বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ ব্যুৰৱে।

Exit mobile version