৬৩ বছৰ বয়সত প্ৰবীণ অভিনেতা অনুপম শ্যামৰ দেহাৱসান

893447 anupam shyam

প্ৰবীণ অভিনেতা অনুপম শ্যামৰ আজি পুৱা পৰলোকপ্ৰাপ্তি ঘটে । তেওঁ বৃক্ক সংক্ৰমণৰ বাবে এসপ্তাহ ধৰি মুম্বাইৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছিল । আজি একাধিক অংগ ব্যৰ্থতাৰ বাবে দেহাৱসান ঘটে বুলি জানিবলৈ দিয়ে অভিনেতাজনৰ বন্ধু যশপাল শৰ্মাই ।

৬৩ বছৰীয়া অভিনেতাজন টিভি শ্ব’ ‘মন কি আৱাজ : প্ৰতিজ্ঞা’, ছবি ‘শ্লামডগ্ মিমিয়নিয়াৰ’ আৰু ‘বেন্দিট কুইন’ত তেওঁৰ অভিনয়ৰ বাবে সৰ্বাধিক জনপ্ৰিয় হৈ পৰিছিল । চাৰিদিন পূৰ্বে তেওঁ ছুবুৰবান গোৰেগাঁৱৰ লাইফলাইন হাস্পতালত চিকিৎসাধীন হৈ আছিল ।

শৰ্মাই কয় যে, প্ৰবীণ অভিনেতাজনে তেওঁৰ দুই ভাতৃ অনুৰাগ আৰু কাঞ্চনৰ উপস্থিতিত শেষ নিশ্বাস ত্যাগ কৰে ।

https://twitter.com/ashokepandit/status/1424423098456047618?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1424423098456047618%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.ndtv.com%2Findia-news%2Fveteran-actor-anupam-shyam-dies-at-63-2505882

Exit mobile version