কলগাছিয়াত ধিঙৰ বিধায়ক আমিনুল ইছলামৰ প্ৰতিকৃতি দাহ, ২৪ ঘন্টাৰ ভিতৰত ক্ষমা খোজাৰ আহ্বান

আজি কলগাছিয়াত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ধিঙৰ বিধায়ক আমিনুল ইছলামৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । ২০২১ৰ অসম বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ইউ ডি এফৰ পৰা ১০ কোটি টকা বিচৰাৰ অভিযোগ অনাৰ বাবে দুই সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ।

ৰাজ্যসভাৰ নিৰ্বাচনত বিধায়ক আমিনুল ইছলামে নিজেই বিজেপিৰ পৰা ৫০ লাখ টকা লোৱাৰ গুৰুতৰ অভিযোগ আনিছে উক্ত সংগঠন দুটাই । ২৪ ঘন্টাৰ ভিতৰত বিধায়ক আমিনুল ইছলামক ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে । অন্যথা আমিনুল ইছলামৰ বিৰুদ্ধে এশ কোটি টকাৰ মানহানি গোচৰ তৰাৰ ভাবুকি প্ৰদান কৰিছে কলগাছিয়া কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।

বিজেপিৰ ধন লৈ বিজেপিৰ শ্ৰুতলিপি মতে বিধায়কগৰাকীয়ে এনে মন্তব্য কৰা বুলিও কয় প্ৰতিবাদকাৰীসকলে । বিজেপিৰ ফেচিবাদ আৰু ইউ ডি এফৰ সাম্প্ৰদায়িকতাবাদৰ বাবে অসমত অখিল গগৈৰ নেতৃত্বত সমাজবাদৰ ৰাজনীতিৰ পৰিৱেশ গঢ়ি তোলাৰ পৰিপন্থী হিচাপে বিধায়ক আমিনুল ইছলামে কাম কৰি অহা বুলিও গুৰুতৰ অভিযোগ আনিছে প্ৰতিবাদকাৰীসকলে ।

প্ৰতিবাদকাৰীসকলে বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে কলগাছিয়াৰ পৰিৱেশ উত্তাল কৰি তোলে।

Exit mobile version