চিআৰপিএফৰ ওপৰত আক্ৰমণ উগ্ৰপন্থীৰ, স্বাধীনতা দিৱসৰ পূৰ্বে উত্তপ্ত কাশ্মীৰ

966199 939879 892163 870185 terrorists encounter

স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত পুনৰ উগ্ৰপন্থীৰ আক্ৰমণ কাশ্মীৰত । দক্ষিণ কাশ্মীৰৰ ছেপিয়ান জিলাৰ জয়নাপোৰা অঞ্চলত চিআৰপিএফ জোৱানসকলক আক্ৰমণ কৰে উগ্ৰপন্থীয়ে।

সূত্ৰৰ খবৰ অনুসৰি, আক্ৰমণটোত এজন জোৱান আহত হোৱাৰ খবৰ পোৱা গৈছে।

সূত্ৰই জনোৱা মতে আহত জোৱানজন ১৭৮ বেটেলিয়নৰ অজয় কুমাৰ। ঘটনাটোৱে ১৪ ফেব্ৰুৱাৰী, ২০১৯ ত পুলৱামা আক্ৰমণৰ কথা মনত পেলাই দিয়ে।

তথ্য অনুসৰি মঙলবাৰে পুৱতি নিশা উগ্ৰপন্থীসকলে হঠাতে চিআৰপিএফ জোৱানসকলক আক্ৰমণ কৰে।উগ্ৰপন্থীসকলে একেৰাহে গুলীচালনা কৰে আৰু ভাৰতীয় সৈন্যসকলেও ইয়াৰ প্ৰত্যুত্তৰ দিয়ে।

গুলীচালনাত এজন চিআৰপিএফ জোৱান আহত হোৱাৰ খবৰ পোৱা গৈছে। চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছে জোৱানজনক। সমগ্ৰ অঞ্চলটো সেনাই নিয়ন্ত্ৰণত লৈছে । উগ্ৰপন্থীৰ সন্ধানত তালাচী অভিযান আৰম্ভ।

Exit mobile version