দেহত লিপিট খোৱা পোছাক পৰিধানৰ অপৰাধত মহিলাক হত্যা তালিবানৰ

freepressjournal 2021 08 09f07a63 d95b 4777 9ffe 51adfcabf317 COMP KS TALIBAN

অনা-ইছলামিক পােছাক পৰিধানৰ অপৰাধত এগৰাকী মহিলাক আফগানিস্তানত তালিবানে গুলীয়াই হত্যা কৰিলে। প্রকাশিত বাতৰি অনুসৰি, উত্তৰ বলখ প্রদেশত এই ঘটনা সংঘটিত হ’ল। এগৰাকী মহিলাই পুৰুষ সদস্য অবিহনে পথলৈ ওলাই অহাৰ সময়তে মহিলাগৰাকীয়ে দেহত লিপিট খােৱা পােছাক পৰিধানৰ অভিযােগত তালিবানে গুলিবর্ষণ কৰিছিল।

মহিলাগৰাকীয়ে মাজাৰ ই শ্বৰীফলৈ যাবলৈ এখন বাছত উঠিবলৈ লােৱাৰ মুহূর্ততে তালিবানে তেওঁলৈ গুলিবর্ষণ কৰিছিল আৰু ৰাজপথতে তেওঁৰ মৃত্যু হ’ল। উল্লেখ্য যে তালিবানে আফগানিস্তানত অলপতে ঘােষণা কৰিছিল যে মহিলাসকলে ইছলামিক আইন পালন নকৰিলে আৰু পুৰুষ সতীর্থ অবিহনে ৰাজপথত বিচৰণ কৰিলে মৃত্যুদণ্ড বিহা হ’ব।

Exit mobile version