বিশ্বৰ সৰ্বোচ্চ ক্ৰীড়া মহোৎসৱ লণ্ডন অলিম্পিক ২০১২ত ভাৰতৰ হৈ শিখা দৌৰত অংশগ্ৰহণ কৰা পিংকী কৰ্মকাৰৰ জীৱন সংগ্ৰামৰ বাতৰি প্ৰকাশৰ পাছতেই গা-লৰিল ৰজাঘৰৰ । বাতৰি প্ৰকাশৰ ২৪ ঘন্টাৰ ভিতৰতে পিংকী কৰ্মকাৰক বিচাৰি বাগিচাৰ লাইনত উপস্থিত হ’লগৈ ক্ৰীড়া বিষয়া ।২০১২ৰ লণ্ডন অলিম্পিকত ভাৰতৰ হৈ শিখা দৌৰত প্ৰতিনিধিত্ব কৰিছিল ডিব্ৰুগড়ৰ চাহ জনগোষ্ঠীয় যুৱতী পিংকী কৰ্মকাৰে ।
সেইগৰাকী পিংকী কৰ্মকাৰ বৰ্তমান অৱহেলিত-উপেক্ষিত । ৰজাঘৰ প্ৰজাঘৰৰ যেন সকলোৱে পাহৰিলে এসময়ত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰা সেই পিংকীক ।
পেতৰ তাড়নাত ডিব্ৰুগড়ৰ বৰবৰুৱা চাহ বাগিচাৰ শ্ৰমিকৰ দৰে কঠোৰ পথ বাচিব লগা হ’ল পিংকীয়ে । নিজৰ প্ৰতিভাক পাহৰি দৈনিক হাজিৰাক জীৱিকা হিচাপে বাচি লৈছে পিংকীয়ে ।
বিশ্বৰ সৰ্বোচ্চ ক্ৰীড়া মহোৎসৱ টকিঅ’ অলিম্পিক চলি থকাৰ মাজতেই সবিস্তাৰে সংবাদ মাধ্যমে পোহৰলৈ আনিছিল পিংকী কৰ্মকাৰৰ লণ্ডন অলিম্পিকত দেশক শিখা দৌৰত প্ৰতিনিধিত্ব কৰাৰ পৰা বৰবৰুৱা চাহ বাগিচাৰ সাধাৰণ শ্ৰমিক হোৱাৰ কাহিনী । ইয়াৰ পাছতেই যেন গা-লৰিল ৰজাঘৰীয়াৰ ।
বৰবৰুৱাৰ শ্ৰমিক লাইনত থকা পিংকী কৰ্মকাৰৰ বাগিচাৰ লাইনত ঘৰত গৈ উপস্থিত হ’লগৈ ডিব্ৰুগড় জিলাৰ ক্ৰীড়া বিষয়া সঞ্জীৱ উপাধ্যায়ৰ লগতে মহকুমা ক্ৰীড়া বিষয়া বিমল গগৈ । তেওঁলোকে পিংকী কৰ্মকাৰৰ বিভিন্ন প্ৰমাণ পত্ৰৰ প্ৰতিলিপি সংগ্ৰহ কৰে।
বিগত ১০ বছৰে কোনো এখন চৰকাৰে পদক্ষেপ গ্ৰহণ নকৰাৰ সন্দৰ্ভত সবিস্তাৰে বাতৰিৰ পাছতেই চৰকাৰৰ গা লৰা পিংকীক সহায় কৰিবৰ বাবেই উৰ্ধতম কতৃপক্ষৰ নিৰ্দেশত উপস্থিত হয়গৈ পিংকীৰ বাগিচাৰ লাইনৰ ঘৰখনত। চৰকাৰী পক্ষই পিংকীক উপযুক্ত মর্যদা দিয়াৰ প্ৰতিশ্ৰুতিৰ পাছতেই উৎফুল্লিত হৈ পৰে পিংকী কৰ্মকাৰ । এতিয়া প্ৰায় এটা দশকৰ সংগ্ৰামৰ পাছত যেন আশাৰ বাট দেখিছে পিংকীয়ে ।
গুৰুত্ব সহকাৰে পিংকী কৰ্মকাৰৰ জীৱন সংগ্ৰামৰ কথা প্ৰকাশ সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ ২৪ ঘন্টাৰ ভিতৰতে পিংকী কৰ্মকাৰে দেখিলে আশাৰ ৰেঙনি । অৱশ্যে কেনেদৰে পিংকীৰ সপোন পূৰ হয়, সেইয়াহে লক্ষণীয় হ’ব ।