ভৱানীপুৰ বিধানসভা সমষ্টিত উপ নিৰ্বাচন

অগপৰ হুংকাৰ : মিত্ৰজোঁটৰ হৈ অগপ দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব

WhatsApp Image 2021 08 10 at 5.36.09 PM

ভৱানীপুৰ বিধানসভা সমষ্টিত যদি উপ নিৰ্বাচন অনুষ্ঠিত হয়, তেতিয়াহ’লে সমষ্টিটোত অগপ দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব । এই হুংকাৰ ভৱানীপুৰ বিধানসভা সমষ্টিৰ অগপ দলৰ । উল্লেখ্য যে ভৱানীপুৰ বিধানসভা সমষ্টিৰ এআইইউএফৰ বিধায়ক ফনীধৰ তালুকদাৰে বিধায়ক পদ ত্যাগ কৰি বিজেপি দলত যোগদান কৰাৰ প্ৰসংগ ব্যাপকভাৱে প্ৰচাৰ আৰু চৰ্চা হয় ।

ইয়াৰ পাছতে কালি বিয়লি অগপৰ ভৱানীপুৰস্থিত কাৰ্যালয়ত অনুষ্ঠিত অগপ দলৰ ভৱানীপুৰ বিধান পৰিষদৰ এখন কাৰ্যনিৰ্বাহক সভাত ভৱানীপুৰ বিধানসভা সমষ্টিত উপ নিৰ্বাচন হ’লে সমষ্টিটোত অগপ দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি সিদ্ধান্ত গ্ৰহণ কৰা বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে বিধান পৰিষদ সমিতিৰ সাধাৰণ সম্পাদক শৰৎ ডেকাই ।

ডেকাই কয় যে, ২০২১ৰ বিধানসভা নিৰ্বাচনত ভৱানীপুৰ বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰূপে অগপ দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰি অতি কম ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল । যদিহে উপ নিৰ্বাচন অনুষ্ঠিত হয় তেতিয়াহ’লে ভৱানীপুৰ বিধানসভা সমষ্টিত নিশ্চিতভাৱে অগপ দল তথা অগপ দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিব । বিজেপি দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ প্ৰশ্নয়েই আহিব নোৱাৰে। যিহেতু ২০২১ৰ পৰা ২০২৬লৈ বিধানসভা নিৰ্বাচনত অগপ, বিজেপি, ইউপিপিএলৰ মিত্ৰতা আছে, এই সময়ছোৱাৰ ভিতৰত যেতিয়া‌ই উপ নিৰ্বাচন হওক ভৱানীপুৰ বিধানসভা সমষ্টিত অগপ দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব ।

অগপ দলৰ ভৱানীপুৰ বিধান পৰিষদৰ উপদেষ্টা প্ৰাণজিৎ দাসে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে, অসমত যি সমষ্টিতেই উপ নিৰ্বাচন হ’লেও সমষ্টিটোত ২০২১ত মিত্ৰজোঁটৰ হৈ যি দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল উপ নিৰ্বাচনত সেইটো দলৰ প্ৰাৰ্থীকহে প্ৰতিদ্বন্দিতা কৰাৰ সুযোগ দিয়াটো উচিত । উল্লেখ্য যে অগপৰ ভৱানীপুৰ বিধান পৰিষদৰ কাৰ্যনিৰ্বাহক সভাত ভৱানীপুৰ বিধানসভা সমষ্টিত উপ নিৰ্বাচন হ’লে অগপ দলে প্ৰতিদ্বন্দিতা কৰা সন্দৰ্ভত এক দীঘলীয়া আলোচনা অনুষ্ঠিত হোৱা বুলিও শৰৎ ডেকাই সংবাদ মাধ্যমৰ আগত সদৰী কৰে।

Exit mobile version