ম্যানমাৰত ভয়াৱহ আর্থিক সংকট, এ টি এমত নাই ধন

a07bbd2a 2644 437c 80fa 4c126a2af44a

ছমাহ পূর্বে বার্মিজ সেনাই সামৰিক অভুত্থানৰ জৰিয়তে ম্যানমাৰৰ ক্ষমতা দখল কৰাৰ পাছত সম্প্রতি দেশখনত ভয়াৱহ বিত্তীয় সমস্যাই দেখা দিছে।

ম্যানমাৰত নগদ ধনৰ যথেষ্ট অভাৱ ঘটিছে আৰু দেশখনৰ প্রায়বােৰ এ টি এমতে ধন উলিয়াবলৈ ঘণ্টাৰ পাছত ঘণ্টা ধৰি নাগৰিকসকলে শাৰী পাতিব লগা হৈছে।

বহু এ টি এমত নগদ ধন নথকাৰ ফলত কে’বাঘণ্টা ধৰি শাৰী পতাৰ পাছতাে বহু লােকে নিৰাশ হৈ উভতিব লগা হৈছে। এ টি এমত ধন উলিওৱাৰ ক্ষেত্ৰতাে এজন ব্যক্তিক সর্বাধিক ন হেজাৰ টকা উলিওৱাৰ অনুমতি দিয়া হৈছে।

আর্থিক সংকটৰ ফলত দেশখনত বাণিজ্যিক লেনদেনাে বাধাগ্রস্ত হৈছে। নগদ ধনৰ অভাৱত বহু লােকে নিত্য ব্যৱহার্য সা-সামগ্রী ক্রয় কৰিব পৰা নাই। ইফালে,আর্থিক সংকটৰ মাজতে ম্যানমাৰৰ মুদ্ৰাৰ মূল্য ডলাৰৰ তুলনাত ২০ শতাংশ হ্রাস পালে।

দেশখনত সম্প্রতি এশটাতকৈ কমসংখ্যক এ টি এমতহে নির্দিষ্ট পৰিমাণৰ নগদ ধন মজুত ৰখা হৈছে। চহৰৰ তুলনাত ম্যানমাৰৰ গ্রামাঞ্চলত নগদ ধনৰ সর্বাধিক নাটনি ঘটিছে।

উপায়হীন হৈ গ্রামাঞ্চলৰ কৃষকসকলে খাদ্য দ্রব্য, শাক-পাচলি আদিৰ বিনিময় কৰিবলৈ বাধ্য হৈছে। ইফালে, দেশখনত গণতন্ত্রৰ পুনৰ প্ৰতিষ্ঠাৰ দাবীৰে নাগৰিকসকলে প্রতিবাদী আন্দোলন অব্যাহত ৰাখিছে।

Exit mobile version