লাভলীনাৰ ১২ ফুট ছবি অংকন নগাঁৱৰ কুকিল শইকীয়াৰ

IMG 20210809 180813

টকিঅ’ অলিম্পিকত ঐতিহাসিক ব্ৰঞ্জৰ পদক জয়ৰে অসমলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাইৰ এখন ছবি অংকন কৰিছে নগাঁৱৰ এজন ছাত্ৰই । ছবিখনৰ উচ্চতা প্ৰায় ১২ ফুট । নগাঁও জিলাৰ ননৈ পানীগাঁৱৰ কুকিল শইকীয়া নামৰ ছাত্ৰজনে অংকন কৰিছে ছবিখন ।

লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ তৃতীয় বৰ্ষৰ ছাত্ৰ কুকিল শইকীয়াই লাভলীনাক লৈ গৌৰৱ অনুভৱ কৰে । কুকিলে তেওঁৰ ভাতৃ ধ্ৰুৱজ্যোতি শইকীয়াৰ সহযোগত ৩৬ নং চাৰিলেন যুক্ত পথৰ ননৈ বাদল গাঁৱৰ উৰনীয়া সেতুৰ দেৱালত লাভলীনাৰ ছবি অংকন কৰিছে । লাভলীনাৰ এই ছবিখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কুকিলে কয় যে লাভলীনাক আদৰণী জনোৱাৰ লগতে তেওঁৰ প্ৰতি শুভ কামনা জনাবলৈ ছবিখন অংকন কৰিছে । তদুপৰি লাভলীনাই যাতে ভৱিষ্যতে উন্নত প্ৰদৰ্শন কৰিব পাৰে, অসমৰ ল’ৰা-ছোৱালীয়ে যাতে লাভলীনাৰ দৰে আগবাঢ়ি যাব পাৰে তাৰ বাবে তেওঁলোকক উৎসাহিত কৰাৰ প্ৰয়াসৰে ছবিখন অংকন কৰা হৈছে ।

এই ছবিখন অংকন কৰোতে তেওঁৰ বন্ধু বিদ্যুৎ, শংকৰ আৰু সৌভিকে সহায় কৰে । উল্লেখ যে কুকিলে এ পি জে আব্দুল কালাম, জুবিন গাৰ্গ, পাপন, বিষ্ণু প্ৰসাদ ৰাভা, কে কে, মোহনকে ধৰি বিভিন্ন জনৰ ফটো অংকন কৰিছে ।

Exit mobile version