তালিবানৰ উত্থানত শংকিত পাকিস্তানী সেনা, কাটাৰ পালেগৈ সেনাপ্রধান বাজৱা

qamar javed bajwa 1280x720 1

আফগানিস্তানত তালিবান সন্ত্রাসবাদীৰ উত্থানত পাকিস্তানী সেনায়াে শংকিত হৈছে। ইতিমধ্যে পাকিস্তান সেনাপ্রধান জেনেৰেল কমৰ জাভেদ বাজৱাই কাটাৰৰ ৰাজধানী ড’হাত উপস্থিত হৈছে।

পাক সেনাপ্রধানে ড’হাত তালিবানৰ শীর্ষ নেতাৰ স’তে গােপনে বৈঠকত মিলিত হয়। পাকিস্তানী সেনাই তালিবানক সামৰিক সহযােগিতা প্রদানৰ অভিযােগ উত্থাপিত হৈ আহিছে।

ইয়াৰ বাবে ইতিমধ্যে পাকিস্তানে আমেৰিকাৰ ধমকো খাব লগা হৈছে। পাক সেনাপ্রধান বাজৱাই তালিবানৰ স’তে গােপন বুজাবুজি ৰাখিব বিচাৰিছে যদিও একে সময়তে পাকিস্তানে সন্ত্রাসবাদীৰ স’তে এনে যােগসূত্র আন্তর্জাতিক দৃষ্টিৰ পৰা লুকুৱাই ৰাখিব বিচাৰিছে।

পাকিস্তানৰ বেলুচিস্তান আৰু খাইবাৰ পখটুনখাৱা প্ৰদেশত যাতে তালিবানে ঘাটি নাপাতে তাৰ বাবে বাজৱাই সন্ত্রাসবাদী সংগঠনটোৰ স’তে গােপনে বৈঠকত অংশ লৈছে।

উল্লেখ্য যে সন্ত্রাসবাদীক পৃষ্ঠপােষকতা প্রদানৰ ফলত পাকিস্তানে ফাইনেন্সিয়েল টাস্ক ফ’ৰ্চৰ ধূসৰ’ তালিকাভুক্ত হৈ আছে। এই তালিকাৰ পৰা পাকিস্তান মুক্ত হ’বলৈ হ’লে দেশখনে সকলাে সন্ত্রাসবাদীৰ বিৰুদ্ধে একে দমনমূলক নীতি গ্রহণ কৰিব লাগিব।

Exit mobile version