দিনটোৰ ৰাশিফল

vedic astrology service 500x500 1

মেষঃ চিন্তা-ভাৱনাৰে দিনটো । কৰ্ম তৎপৰতাৰ থাকিব । কিন্তু শৰীৰ ভালে নাযাব পাৰে । ব্যৱসায়ীসকল কোনো সম্ভাব্য যোগাযোগৰ বাবে চেষ্টা কৰি চাব পাৰে ।

বৃষঃ পাৰদৰ্শিতা ব্যক্তি । উদ্বেগৰ মাজেৰে আপুনি কৰ্ম আৰু যোগাযোগ ৰক্ষা কৰিব পাৰিব । বিদ্যাৰ্থীৰ বাবে শুভাশুভ । কৰ্মসমন্ধীয় কামত কষ্টৰে প্ৰগতি কৰিব ।

মিথুনঃ সৌভাগ্য বৃদ্ধি, কোনো কাৰণত বৃদ্ধিদীপ্ত চুক্তি সম্পাদন কৰি উপকৃত হ’ব । বিদ্যাতো বেয়া নহ’ব । ব্যৱসায় বাণিজ্যত আয় বৃদ্ধিৰ কাৰকতা ।

কৰ্কটঃ বুদ্ধিৰ তীৰতা আৰ্থিকত বাধা কম পাব । কিন্তু কোনোৱে কৰ্মস্থানত কেইটিমান দিশত চিন্তিত হ’ব পাৰে । বিদ্যাত শুভাশুভ ফল পাব ।

সিংহঃ পিতৃ ৰোগ মাজে মাজে গভীৰ চিন্তাই জুমুৰি দি ধৰিব । কৰ্মস্থানত সচ্ছলতা নাথাকিব । শৰীৰ মধ্যম । দাম্পত্য মজলীয়া প্ৰভাৱ পৰিব ।

কন্যাঃ নতুন আঁচনি যোগ । আৰ্থিক দিশত ধনাত্মক হ’ব পাৰে । কৰ্মক্ষেত্ৰত দক্ষতা বৃদ্ধি পাব । ব্যৱসায়ত শুভ ফল পাব । বিদ্যাৰ্থীৰ কিছু বেমেজালি আহিব পাৰে ।

তুলাঃ প্ৰাপ্য ধন আদায়, আৰ্থিক দিশত প্ৰয়োজনীয় সম্পদাদিৰ বাবে খৰচৰ বাট ওলাব । ব্যৱসায়ীসকলৰ বাবে দিনটো বিশেষ শুভ নহ’ব । শত্ৰুৰ পৰা মিত্ৰ যোগৰ আশা । বিয়া-বাৰুৰ সংযোগ ।

বৃশ্চিকঃ প্ৰকাশৰ বাধা, নিৰাশ কৰ্মচিন্তা, ভ্ৰমণাদিৰ যোগ থাকিব । কোনো অপৰাধীৰ কথাত মত অস্থিৰতা থাকিব । ব্যৱসায়ত প্ৰাপ্য ধন আদায়ৰ সুযোগ পাব ।

ধনুঃ সৌভাগ্য বৃদ্ধি, অস্থিৰ চিন্তা বাদ দিয়াটো ভাল । চকুৰ আমনি দেখা যায় । কৰ্ম আৰু পাৰিবাৰিক ক্ষেত্ৰত শুভ ফল পাব । দাম্পত্যত সিমান আনন্দ নাথাকিব । বিদ্যাত শুভ ।

মকৰঃ কৰ্মত জটিলতা, গতানুগতিক পৰিৱেশ বিৰাজ কৰিব প্ৰাপ্য সুযোগ ব্যৱহাৰ কৰাত সাৱধান থকাটো ভাল । ভ্ৰমণত লাভজনক ফল কম ।

কুম্ভঃ বৃদ্ধিৰ তীব্ৰতা, শিল্প কলাত পাৰদৰ্শিতা থাকিব । আৰ্থিক দিশত খৰচৰ পথ মুক্ত থাকিব । অংশীদাৰী ব্যৱসায়ত লাভৰ কবিতা । দূৰ ভ্ৰমণৰ যোগ ।

মীনঃ জ্ঞান বৃদ্ধি, হাতত লোৱা কাৰ্যসূচীৰ সুস্থ সমাধান পাব । সুচিন্তা আৰু আপোনাৰ ভদ্ৰতাৰ বাবে অনুকূলতাৰ প্ৰভাৱ পেলাব । নতুন কোনো আশা পূৰণ হ’ব ।

Exit mobile version