দুটা নহয়, চেন্নাইৰ এজন ব্যক্তিৰ শৰীৰত আছে পাঁচটা বৃক্ক !

world kidney day getty 1200

আমি জানো যে এজন মানুহৰ শৰীৰত দুটা বৃক্ক থাকে । এজন ব্যক্তিৰ শৰীৰত পাঁচটা বৃক্ক থকা শুনিছেনে কেতিয়াবা ? আশ্চৰ্যকৰ হ’লেও চেন্নাইৰ এজন ব্যক্তিৰ শৰীৰত আছে পাঁচটা বৃক্ক !

তৃতীয়বাৰ বৃক্ক প্ৰতিস্থাপন কৰাৰ বাবে ব্যক্তিজন এতিয়া পাঁচটা বৃক্কৰ অধিকাৰী ।

তথ্য অনুসৰি, ৪১ বছৰীয়া লোকজনৰ ১৪ বছৰ বয়সত দুটা বৃক্ক‌ই বিকল হৈ পৰে । ১৯৯৪ত তেওঁৰ পুনৰ বৃক্ক প্ৰতিস্থাপন কৰা হয় । কিন্তু ন বছৰৰ ভিতৰতে সেই বৃক্ক‌ও বিকল হৈ যায় । ফলত ২০১৫ত তেওঁৰ বৃক্ক পুনৰ প্ৰতিস্থাপন কৰে চিকিৎসকসকলে । ১২ বছৰ ধৰি এই বৃক্কৰেই সুস্থ হৈ আছিল লোকজন । কিন্তু পুনৰ বৃক্কত সংক্ৰমণ হয় আৰু তেওঁৰ ডায়লছিছ আৰম্ভ হয় ।

চিকিৎসকসকলে পৰীক্ষা কৰি দেখে যে উচ্চ ৰক্তচাপৰ বাবেই তেওঁৰ বৃক্ক বাৰে বাৰে বিকল হৈ যায় । এই সময়তে ব্যক্তিজনৰ হৃদযন্ত্ৰত সমস্যা ধৰা পৰাত বাইপাছ ছাৰ্জাৰীও কৰিবলগীয়া হয় । ফলত পৰিস্থিতি অধিক জটিল হৈ পৰে । চিকিৎসকসকলৰ এটাই উপায় আছিল পুনৰ বৃক্ক প্ৰতিস্থাপন কৰা । কিন্তু ইয়াতো এক বৃহৎ প্ৰত্যাহ্বানৰ সম্মুখীন হয় চিকিৎসকসকল ।

চিকিৎসক এছ শ্ৰৱণে জনায়, ব্যক্তিজনৰ শৰীৰত আগৰ পৰাই নিজৰ দুটা বৃক্ক আছিল । এই দুটা বিকল হোৱাৰ পাছত দুটা দান কৰা বৃক্ক প্ৰতিস্থাপন কৰিবলগীয়া হয় । তেওঁ লগতে জনায় যে, শৰীৰত চাৰিটা বিকল বৃক্ক থকাৰ বাবে পঞ্চমটো প্ৰতিস্থাপন কৰিবলৈ ঠাই লৈ সমস্যাৰ সৃষ্টি হৈছে । তদুপৰি নতুন বৃক্ক ধমনীৰ স’তে খাপ খোৱা কৰ্য‌ও কঠিন আছিল । চাৰিটা বিকল বৃক্ক থকাৰ বাবে আৰু বিশেষ স্থান নাছিল । পঞ্চম বৃক্কটো সিৰা আৰু ধমনীৰ স’তে খাপ খোৱা অতি কষ্টকৰ আছিল ।

বাকী চাৰিটা বিকল বৃক্ক অস্ত্ৰপচাৰৰ কৰি ওলিয়ালেও অতিমাত্ৰা ৰক্তপাতৰ শংকাই দেখা দিলে হয় । সেয়ে চিকিৎসকসকলে স্থিৰ কৰে যে চাৰিটা বিকল বৃক্কৰ কাষতে পঞ্চমটো প্ৰতিস্থাপন কৰিব । অৱশেষত সেইটোৱে কৰা হয় । সম্প্ৰতি ব্যক্তিজন সুস্থ । তেওঁৰ শাৰীৰিক অৱস্থা কেনে থাকে তাৰ প্ৰতি লক্ষ্য ৰখা হ’ব বুলি জনায় চিকিৎসক শ্ৰৱণে ।

Exit mobile version