আমেৰিকা-ব্ৰিটেইনত শিশুৰ মাজত বৃদ্ধি ক’ভিডৰ সংক্ৰমণ

coronavirus PTI

আমেৰিকা আৰু ব্রিটেইনত ক’ভিডৰ প্রথম দুটা সংক্ৰমণৰ তুলনাত শেহতীয়া সংক্ৰমণত আক্রান্ত শিশুৰ সংখ্যা বৃদ্ধি পাইছে। আমেৰিকাৰ আলবামা, আৰকানছাছ, লুইজিয়ানা আৰু ফ্ল’ৰিডাত ১৮ বছৰ অনূর্ধ্ব লােকৰ মাজত কৰ’নাৰ সংক্রমণ বৃদ্ধি পাইছে।

আৰকানছাছৰ চিকিৎসালয়ত ক’ভিডত আক্ৰান্ত হৈ ভর্তি হােৱা শিশুৰ সংখ্যা ৫০ শতাংশ বৃদ্ধি পালে। সাতটা নৱজাত শিশু আইটিইউত চিকিৎসাধীন হােৱাৰ বিপৰীতে সম্প্রতি দুটি শিশু ভেন্টিলেটৰত আছে।

লুইজিয়ানাত জুলাইৰ অন্তিমটো সপ্তাহত ৪২৩২ শিশু ক’ভিডত আক্ৰান্ত হৈছিল। ১৫-২১ জুলাইৰ সময়ছােৱাত পাঁচ বছৰ অনুর্ধ্ব ৬৬ শিশু ক’ভিডত সংক্রমিত হৈছিল।

ফ্ল’ৰিডাত যােৱা মাহত ১২ বছৰ অনূর্ধ্ব ১০,৭৮৫ শিশু কৰ’নাত আক্ৰান্ত হৈছিল। ইফালে ব্রিটেইনতাে প্রতিদিনে গড়ে ৪০টা শিশু ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈছে। ইম্পেৰিয়েল কলেজ অৱ লণ্ডনৰ চিকিৎসক বিশেষজ্ঞই প্ৰকাশ কৰা অনুসৰি, আমেৰিকা আৰু ব্রিটেইনত ১২ উর্ধ্বৰ বয়সৰ শিশুৰ মাজত কৰনাৰ সংক্ৰমণ উদ্বেগজনক হাৰত বৃদ্ধি পাইছে।

Exit mobile version