এইবাৰ মহাকাশত বিজ্ঞাপন হ’র্ডিং লগাব মাস্কে

60f9987a0729770012b94dac

আমেৰিকাৰ অন্যতম ধনাঢ্য ব্যক্তি তথা স্পেচ এক্স আৰু টেছলাৰ স্বত্বাধিকাৰী এলন মাস্কে এইবাৰ মহাকাশত আঁৰিব বিজ্ঞাপনৰ হ’র্ডিং। এই হর্ডিং পৃথিৱীৰ পৰাও প্রত্যক্ষ হ’ব।

তদুপৰি এই হ’র্ডিং প্রত্যক্ষ কৰিব পৰা যাব টুইচ আৰু ইউ টিউবত। বিজ্ঞাপনৰ হ’র্ডিং লগাবলৈ আগন্তুক বছৰত মাস্কৰ প্রতিষ্ঠান স্পেচ এক্সৰ ফেলকন-৯ ৰকেটৰ জৰিয়তে এটা কিউবছেট মহাকাশলৈ প্ৰেৰণ কৰা হ’ব।

জোতাৰ বাকচৰ আকৃতিৰ এই উপগ্রহ এফালে বিজ্ঞাপনৰ স্ক্রিণ থাকিব। মহাকাশত বিজ্ঞাপন প্রচাৰৰ বাবে বিজ্ঞাপনদাতাই কিমান ধন ব্যয় কৰিব লাগিব সেই কথা মাস্কৰ প্ৰতিষ্ঠানটোৱে এতিয়াও চূড়ান্ত কৰা নাই।

Exit mobile version