জুণ্টাক সাহায্য ঘোষণা চীনৰ

1628733847 bdesh3

ম্যানমাৰৰ সামৰিক চৰকাৰক বিভিন্ন প্ৰকল্পত সহায় কৰিবলৈ বৃহৎ অংকৰ আৰ্থিক সাহায়তাৰ কথা ঘোষণা কৰিছে চীনে । এই সন্দৰ্ভত দুই দেশৰ মাজত এম‌অ’ইউ চুক্তি স্বাক্ষৰ হৈছে । ম্যানমাৰত চীনৰ দূতে এই এমঅ’ইউত স্বাক্ষৰ কৰিছে । নেপিড-ৰ চীনা দূতাবাসৰ ফেচবুক পেজত বিষয়টোৰ সত্যতাও স্বীকাৰ কৰা হৈছে ।

মুঠ ৬০ লাখ ডলাৰৰ সাহায্য আগবঢ়াইছে চীনে । ম্যানমাৰত মুঠ ২১ টা উন্নয়ন প্ৰকল্পত এই বিপুল পৰিমাণৰ অৰ্থ ব্যয় কৰিব চীনে । জুণ্টা চৰকাৰৰ একাউণ্টত অতি শীঘ্ৰেই সম্পূৰ্ণ অৰ্থ দিয়া হ’ব বুলি জনোৱা হৈছে । প্ৰকল্পবোৰৰ ভিতৰত আছে পশুৰ টিকাকৰণ, কৃষি, বিজ্ঞান, পৰ্যটন, দুৰ্যোগ প্ৰশমন আৰু বিভিন্ন ধৰণৰ সাংস্কৃতিক লেনদেনৰ দৰে বিষয়ত ।

গণতান্ত্ৰিক পদ্ধতিত নিৰ্বাচিত চৰকাৰক প্ৰত্যাহাৰ কৰি ম্যানমাৰৰ সেনা অভ্যুত্থানত চীন সমপৰিমাণে জড়িত হৈ আছে বুলি অভিযোগ কৰি আহিছে বিৰোধীসকলে । বিক্ষোভকাৰীসকলক দমন কৰিবৰ বাবে জুণ্টা চৰকাৰৰ হাতত চীনে অস্ত্ৰ তুলি দিছে বুলিও অভিযোগ উত্থাপিত হৈ আহিছে । কিন্তু প্ৰতিবাৰে চীনে অভিযোগ নস্যাৎ কৰি আহিছে ।

বেইজিঙৰ দাবী, সেনা অভ্যুত্থান ম্যানমাৰৰ আভ্যন্তৰীণ বিষয় । কেৱল আঞ্চলিক স্থিতাৱস্থা বাহাল ৰাখিবৰ বাবে কূটনৈতিক পথত সহায়ৰ হাত আগবঢ়াইছে তেওঁলোকে ।

আমেৰিকা, ব্ৰিটেইনসহ পশ্চিমী ৰাষ্ট্ৰসমূহে আৰম্ভণিৰ পৰাই জুণ্টা চৰকাৰৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘনৰ অভিযোগ কৰি আহিছে । চীনে অৱশ্যে শ শ প্ৰতিবাদকাৰীৰ মৃত্যুক লৈ একো মতামত নিদিয়ে । তেওঁলোকৰ সহায়তে গণতান্ত্ৰকামীসকলৰ ওপৰত জুণ্টা চৰকাৰে অত্যাচাৰ কৰিব পাৰিছে বুলি অভিযোগ কৰিছে বিৰোধীসকলে ।

অৱশ্যে জুণ্টা চৰকাৰক প্ৰবল সমালোচনা কৰিলেও জৰুৰীকালীন সহায় কৰিবৰ বাবে আৰ্থিক অনুদান জাৰি কৰি ৰাখিছে আমেৰিকাও । কালি আমেৰিকাই জনাইছিল, তেওঁলোকে পাঁচ কোটি ডলাৰৰ আৰ্থিক সাহায্য দিব ।

Exit mobile version