প্ৰতিষেধক প্ৰদান নকৰাকৈ ভেকচিনৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ ব্যৱসায়ত নামিছে গোসাঁইগাঁৱৰ একাংশ দালালৰূপী কৰ্মী

covid vaccine certificate

কৰ’না মহামাৰী প্ৰতিৰোধ কৰাৰ নামত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ সক্ৰিয় ভূমিকাক ভেঙুচালি কৰি বিনামূলীয়া ভেকচিন প্ৰদান কেন্দ্ৰক ব্যৱসায়ত পৰিণত কৰা পৰিলক্ষিত হৈছে কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ ভিন্ন কেন্দ্ৰত।

ভেকচিন প্ৰদান কৰাক লৈ এইবাৰ ব্যৱসায়ত নামিছে গোসাইগাঁৱৰ একাংশ দাদালৰূপী কৰ্মী । উল্লেখ্য যে যোৱা পাঁচ আৰু ছয় আগষ্টত মাতিয়াপৰা এম ই স্কুলত অনুষ্ঠিত দুদিনীয়া ভেকচিন প্ৰদান শিবিৰত এনে এক ঘটনা সংঘটিত হোৱাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ।

উক্ত শিবিৰটোত আয়োজিত বিনামূলীয়া ভেকচিন প্ৰদান কেন্দ্ৰটোত কৰ্মৰত ডাটা এণ্ট্ৰী অপাৰেটৰ ভাওৰাগুৰীৰ বাসিন্দা বাহাৰুল ইছলামৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ । শিবিৰটোৰ লগত জড়িত বাহাৰুল ইছলামে অনুপস্থিত থকা এজন লোকৰ নাম পঞ্জীয়ন কৰি অনুজ্ঞাপত্ৰ উলিয়ায় । কিন্তু শিবিৰটোত নিয়োজিত কৰ্মকৰ্তাই লোকজনক হাজিৰ কৰিবলৈ বাধ্য কৰাত জোলোঙাৰ মেকুৰী ওলাই পৰে।

তেনে স্থলত পৰিস্থিতি উত্তপ্ত হোৱাত সুযোগ বুজি ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাহাৰুল ইছলামে । পৰৱৰ্তী সময়ত উক্ত ঘটনাক কেন্দ্ৰ কৰি এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। ইতিমধ্যে স্থানীয় গাঁওবুঢ়া তথা ৰাইজে সাপকাটা আৰক্ষীক খবৰ দিয়ে যদিও আৰক্ষী অহাৰ পূৰ্বেই বাহাৰুলে পলায়ন কৰাত আৰক্ষীয়ে তেওঁক কৰায়ত্ব কৰিবলৈ বিফল হয় । সম্প্ৰতি ৰাজ্য চৰকাৰে এই দালালসমূহৰ বিৰুদ্ধে কি পদক্ষেপ ল’ব এয়া হ’ব লক্ষণীয় বিষয় ।

Exit mobile version