বিশ্বৰ সৰ্বাধিক পৰিমাণৰ চুৰিকাণ্ড !

হেকাৰে নিলে ৬০ কোটি ডলাৰ

bitcoin hack btc news crypto wallet safety security expert warning cyber attack 910799

ক্ৰিপ্ট’কাৰেন্সিৰ ইতিহাসত আটাইতকৈ বৃহৎ পৰিমাণৰ চুৰিকাণ্ড সংঘটিত হ’ল । ৬০ কোটি ডলাৰ ক্ৰিপ্ট’কাৰেন্সি চুৰ কৰিলে হেকাৰে । টুইটযোগে এই দাবী কৰিছে ক্ৰিপ্ট’কাৰেন্সি ট্ৰান্সফাৰিং সংস্থা পলিনেটৱৰ্কে ।

হেকাৰক উদ্দেশ্যি পলিনেটৱৰ্কৰ তৰফৰ পৰা টুইট কৰি জনোৱা হয়, তেওঁলোকে বিপুল পৰিমাণৰ ধন চুৰ কৰিছে । ক্ৰিপ্ট’ কমিউনিটীৰ হেজাৰ হেজাৰ সদস্য‌ই বিনোয়োগ কৰিছে । এই ধন উভতাই নিদিলে আইনী পদক্ষেপ গ্ৰহণ কৰাৰো সঁকীয়নি দিছে পলিনেটৱৰ্কে ।

২৬ কোটি ডলাৰ ক্ৰিপ্ট’কাৰেন্সি পলিনেটৱৰ্কক উভতাই দিয়া হৈছে বুলি দাবী কৰিছে ব্লকচেন ফৰেন্সিক সংস্থা চেন‌এলিছিছ আৰু ক্ৰিপ্ট’ ট্ৰেকিং সংস্থা এলিপ্‌টিকে । এই দুই সংস্থাই এটা মেছেজ শ্বেয়াৰ কৰিছে । মেছেজটোত এজন ব্যক্তিয়ে নিজকে হেকাৰ বুলি দাবী কৰি কয়, নিৰাপত্তাত যে ত্ৰুটি আছে সেইটো প্ৰমাণ কৰিবলৈয়ে তেওঁলোকে এই কাম কৰিছে । তেওঁ এই ধনৰ প্ৰতি আগ্ৰহী নহয় । উভতাই দিব । কেৱল নিৰাপত্তাৰ ত্ৰুটি দেখুৱাবৰ বাবেই তেওঁ এই কাম কৰিছিল বুলি দাবী কৰে ।

এই পৰ্যন্ত হেকাৰজনক চিনাক্ত কৰিব পৰা নাই । এইটো কোনো হেকাৰৰ বাৰ্তা হয় নে নহয় তাৰো সত্যতা জানিব পৰা নাই ।

২০১৮ত ৫৩ কোটি ডলাৰ ডিজিটেল ক‌ইন চুৰি হৈছিল টকিঅ’ৰ ক‌ইনচেক নামে এক সংস্থাৰ । ইমান দিনে এইটোৱে বৃহৎ পৰিমাণৰ চুৰিকাণ্ড আছিল ।

Exit mobile version