সোণৰ পদক কামুৰিলে মেয়ৰে, পদক সলনি কৰিবলগা হ’ল এথলিটে

nam5idhrha6kkohu 1628774353 1

টকিঅ’ অলিম্পিকত সোণ জয় কৰিছিল । কিন্তু সেই পদক সলনি কৰিবলগীয়া হয় । কাৰণ জাপানৰ ছফ্টবলৰ সোণজয়ী মিউ গ’ট’ৰ পদকটো আনন্দতে কামুৰিলে তেওঁৰ চহৰৰ মেয়ৰে । ফলত পদকটো নষ্ট হৈ যায় ।

খেলুৱৈজনে নাগোৱা চহৰৰ মেয়ৰ টাকাছি কাৱামুৰাক সোণৰ পদকটো দেখুৱাবৰ বাবে গৈছিল । হঠাৎ কাৱামুৰাই পদকটো কামুৰি পেলায় । ফলত পদকটো নষ্ট হয় ।

সামাজিক মাধ্যমত তীব্ৰ সমালোচনাত পৰে কাৱামুৰা । তেওঁ এই কামৰ বাবে ক্ষমাও বিচাৰে । তেওঁ কথা দিয়ে যে, পদকটো সলনি কৰিবৰ বাবে যি খৰচ হয়, সেয়া তেওঁ বহন কৰিব । অলিম্পিকৰ কৰ্তাসকলে পদকটো সলনি কৰি দিব বুলি জনায় ।

এক বিবৃতিত কাৱামুৰাই জনায়, ‘নাগোৱাৰ মেয়ৰ হিচাপে মোৰ যি ভূমিকা, সেইটো পাহৰি গৈছিলো । অতি অযুক্তিকৰ কাম এটা কৰিলো ।’

এইবাৰ ফেন্সিঙত জাপানৰ ৰূপ জয়ী ইউকি ওটাই এই ঘটনাৰ সমালোচনা কৰি টুইট কৰে, ‘এইটো এথলিটসকলক অসন্মান কৰা হৈছে । তদুপৰি তেওঁ ক’ভিড বিধি ভংগ কৰিছে । ইয়াৰ কোনো মোৰ লগত ।’

মহিলাৰ ছফ্টবল ফাইনেলত আমেৰিকাত পৰাস্ত কৰি সোণ জয় কৰিছিল জাপানে । সেই দলতেই আছিল গ’ট’ ।

Exit mobile version