তিনিচুকীয়া-পানীতোলাত মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰীৰ পুত্তলিকা দাহ

তিনিচুকীয়াৰ থানা চাৰিআলিত আৰু পানীতোলা চহৰত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন আৰু মহিলা পৰিষদৰ তিনিচুকীয়া জিলা সমিতি আৰু পানীতোলা, বৰুৱাহোলা আঞ্চলিক সমিতিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুন্দাৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদস্থলীৰ পৰা সংগঠনটোৱে কয় যে অৰুণাচল প্ৰদেশৰ ১২ টাকৈ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানৰ প্ৰসংগ উত্থাপন হৈছে কিন্তু দীৰ্ঘদিনৰ পৰা অসমৰ মটক জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বাবে আন্দোলন কৰি থকাৰ পাছতো কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷ গতিকে অতি সোনকালে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰক ।

Exit mobile version