৫০ শতাংশ ছাত্ৰ-ছাত্ৰীৰে উত্তৰপ্ৰদেশত ১৬ আগষ্ট, ৰাজস্থানত এক ছেপ্টেম্বৰৰ পৰা খুলিব বিদ্যালয়

4a43a31c f868 11eb 9ccb 8f9cbd611d0f 1628441410172 1628675430635

অহা ১৬ আগষ্টৰ পৰা বিদ্যালয় খুলিব উত্তৰপ্ৰদেশত । বিদ্যালয়ত ৫০ শতাংশ শিক্ষাৰ্থীৰে নৱম আৰু দশম শ্ৰেণীৰ পাঠদান আৰম্ভ কৰাৰ অনুমতি দিছে যোগী চৰকাৰে । ৰাজস্থান চৰকাৰে আগন্তুক এক ছেপ্টেম্বৰৰ পৰা বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, ক’চিং ইনষ্টিটিউট খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এই ৰাজ্যখনটো বিদ্যালয়ত ৫০ শতাংশ ছাত্ৰ-ছাত্ৰীৰে শ্ৰেণী আৰম্ভ কৰাৰ সংকেট দিছে ৰাজ্যৰ গৃহ মন্ত্ৰণালয় বিভাগে ।

ৰাজস্থান চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা নিৰ্দেশনা অনুসৰি, এটা প্ৰতিষেধক গ্ৰহণ কৰা শিক্ষক-শিক্ষয়ত্ৰী আৰু অন্যান্য কৰ্মীয়েহে বিদ্যালয়ত প্ৰৱেশ কৰিব পাৰিব । ক’ভিড বিধি যথাযথ পালন কৰাৰ নিৰ্দেশ দিয়া হৈছে । বিদ্যালয় আৰম্ভ হোৱাৰ আগতে পুৱাৰ প্ৰাৰ্থনাৰ বাবে শিক্ষাৰ্থীসকল একত্ৰিত হোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে ।

কেতিয়া আৰু কেনেদৰে বিদ্যালয় খোলা হ’ব, এই বিষয়সমূহত আলোচনা কৰিবলৈ সম্প্ৰতি এক আন্তঃমন্ত্ৰণালয় কমিটী গঠন কৰিছিল ৰাজস্থান চৰকাৰে । কমিটীখনৰ পৰামৰ্শ মৰ্মেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । নিৰ্দেশনাত স্পষ্টভাৱে জনোৱা হৈছে, শিক্ষাৰ্থীসকলক বিদ্যালয়ত মতাৰ আগতে তেওঁলোকৰ পিতৃ-মাতৃৰ সন্মতিপত্ৰ গ্ৰহণ কৰা আৱশ্যকীয় । তেওঁলোক সন্মত হ’লেহে শিক্ষাৰ্থীসকল বিদ্যালয়লৈ আহিব পাৰিব । যিসকলে এতিয়াই বিদ্যালয়ত আহিবলৈ ইচ্ছুক নহয়, তেওঁলোকৰ বাবে অনলাইন পাঠদানৰ ব্যৱস্থা থাকিব ।

ক’ভিডৰ তৃতীয় ঢৌক লৈ শংকাৰ পৰিস্থিতিত ল’ৰা-ছোৱালীক এতিয়াই বিদ্যালয়লৈ পঠাবলৈ প্ৰস্তুত নহয় অভিভাৱকৰ এক বৃহৎ অংশ । উত্তৰপ্ৰদেশত বিদ্যালয় খোলাৰ বিষয়ত চৰকাৰী অনুমোদন অহাৰ পাছত এই প্ৰতিবেদন প্ৰকাশ পায় । লা মৰ্টিনিয়াৰ গাৰ্লছ কলেজৰ ১,২৫০ জন শিক্ষাৰ্থীৰ ভিতৰত ১৬০ জনৰ পৰিয়ালৰ সন্তানকহে বিদ্যালয়ত পঠাবলৈ মান্তি হয় ।

চেণ্ট এগ্‌নেছ লৰেটা স্কুলৰ ৭৫ শতাংশ শিক্ষাৰ্থীৰ অভিভাৱকে জনাইছে যে অতিমাৰীৰ সংকটত তেওঁলোক ল’ৰা-ছোৱালীক বিদ্যালয়লৈ প্ৰেৰণ কৰিবৰ বাবে প্ৰস্তুত নহয় ।

Exit mobile version