এই চাৰিটা খাদ্যৰ স’তে ভুলটো নাখাব নেমু

lemon feat 1

বহুলোকে সোনকালে ওজন হ্ৰাস কৰিবলৈ নেমু বাছনি কৰে। ৰাতিপুৱা, নেমুৰ ৰস খালী পেটত গৰম পানীৰ স’তে সেৱন কৰাৰ লগতে নেমুৰ স’তে বিভিন্ন খাদ্য খোৱা আৰম্ভ কৰে।

যিকোনো পাচলি,ফলৰ ৰসৰ স’তে নেমু যোগ কৰি খাই । এনে কৰিলে ওজন হ্ৰাস হব বুলি ধাৰণা কৰে বহুতে । কিন্তু সেয়া একেবাৰে নহয়! ইয়াৰ বিপৰীতে, যদি আপোনাৰ যিকোনো খাদ্যত নেমু যোগ দিয়াৰ অভ্যাস থাকে, আপোনাৰ বিভিন্ন স্বাস্থ্য সমস্যা হ’ব পাৰে।

নেমু আৰু অমিতা

অমিতা কেঁচা হওঁক বা পকা হওঁক, ইয়াৰ স’তে নেমুৰ ৰস খাব নোৱাৰি। ই আপোনাৰ শৰীৰৰ হিমোগ্লোবিন ভাৰসাম্য নষ্ট কৰিব পাৰে। আপুনি ৰক্তহীনতাত ভুগিব পাৰে। নেমু আৰু অমিতা শিশুৰ বাবে আটাইতকৈ মাৰাত্মক।

নেমু আৰু বিলাহী

পিয়াজ বিলাহীৰ চালাডত নেমু দিয়াৰ অভ্যাস আছে নেকি যদি আছে সেয়া একেবাৰে সঠিক নহয়। আয়ুৰ্বেদিকৰ মতে, বিলাহীত নেমুৰ ৰস ব্যৱহাৰ কৰিলে পাচন তন্ত্ৰৰ ওপৰত বেয়া প্ৰভাৱ পৰে।

গাখীৰ আৰু নেমু

যদিও কোনেও গাখীৰ আৰু নেমু নাখায়, গাখীৰ জাতীয় খাদ্য খোৱাৰ পাছতো নেমুৰ ৰস থকা খাদ্য খোৱাটো সঠিক নহয় । ইয়াৰ ফলত শৰীৰত বদহজমৰ সমস্যা হ’ব পাৰে। গাখীৰ খোৱাৰ কমেও এঘণ্টা পাছত নেমু খাব।

দৈ আৰু নেমু

গাখীৰৰ দৰে দৈ আৰু নেমু একেলগে খোৱাটো সঠিক নহয়। দুগ্ধজাত সামগ্ৰীক নেমুজাতীয় ফলৰ স’তে মিহলি কৰিলে আপোনাৰ পাচন তন্ত্ৰৰ ওপৰত বেয়া প্ৰভাৱ পৰে। শৰীৰত অতিৰিক্ত বিষাক্ত পদাৰ্থ উৎপন্ন হয়। আনকি চৰ্দি, এলাৰ্জি, চাইনাছৰ দৰে সমস্যাও থাকিব পাৰে।

Exit mobile version