২০২২ বৰ্ষৰ এক জুলাইৰ পৰা বন্ধ হ’ব একক ব্যৱহাৰ প্লাষ্টিকৰ ব্যৱহাৰ,ঘোষণা পৰিৱেশ মন্ত্ৰালয়ৰ

1628871743 plastic

২০২২ চনৰ জুলাইৰ প্ৰথম দিনৰ পৰা, একক ব্যৱহাৰ বা এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক তা ইয়াৰ দ্বাৰা তৈয়াৰ কৰা সামগ্ৰী নিষিদ্ধ কৰিলে কেন্দ্ৰই। বৃহস্পতিবাৰে এটা বিজ্ঞপ্তি জাৰি কৰি এই নিষেধাজ্ঞাৰ সিদ্ধান্ত ঘোষণা কৰিছে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে ।

ADVERTISEMENT

ইয়াৰ উপৰিও, ৫০ মাইক্ৰনৰ পৰিবৰ্তে ১২০ মাইক্ৰন ঘনত্বযুক্ত পলিথিন বেগ ব্যৱহাৰৰ কৰিব লাগিব বুলি এই বিজ্ঞপ্তিত জনোৱা হৈছে। যদিও চলিত বৰ্ষৰ পৰাই দুটা পৰ্যায়ত এনে ধৰণৰ পলিথিন বেগৰ ব্যৱহাৰ কথা কৈছে মন্ত্ৰালয়ে ।

মন্ত্ৰালয়ৰ জাননী অনুসৰি, এক জুলাইৰ পৰা এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিক বা ইয়াৰ দ্বাৰা নিৰ্মিত কাপ -প্লেট ,কাটা চামুচ, মিঠাই বা চিগাৰেটৰ পেকেট প্লাষ্টিকৰ দ্বাৰা পেক কৰা অংশসহ , আমদানি, সঞ্চয়, বিতৰণ, বিক্ৰী আৰু ব্যৱহাৰ সকলোবোৰ নিষিদ্ধ কৰা হৈছে।

এই মুহূৰ্তত ৫০ মাইক্ৰনতকৈ কম ঘনত্বৰ পলিথিন বেগৰ ব্যৱহাৰ এই দেশত নিষিদ্ধ। অৱশ্যে, এই বছৰৰ ৩০ ছেপ্টেম্বৰৰ পৰা পলিথিন বেগৰ ঘনত্ব ৫০ মাইক্ৰনৰ পৰা ৭৫ মাইক্ৰনলৈ বৃদ্ধি কৰিব লাগিব।

২০২২ চনৰ ৩১ ডিচেম্বৰৰ পৰা সেই মাপকাঠি সলনি হৈ আহিছে। সেইদিনাৰ পৰা ১২০ মাইক্ৰন ঘনত্ব পলিথিন বেগ ব্যৱহাৰ কৰিব লাগে। অৱশ্যে, জাননীখনত কোৱা হৈছিল যে প্লাষ্টিক কঢ়িওৱা মোনাৰ ক্ষেত্ৰত এই ঘনত্বৰ নিয়ম অনুসৰণ কৰাৰ কোনো প্ৰয়োজন নাই ইয়াক যিকোনো প্ৰকাৰে পুনৰ ব্যৱহাৰ কৰিব পাৰি। যদিও সেই ধৰণৰ প্লাষ্টিকৰ উৎপাদন, বিপণন বা বিক্ৰীৰ বাবে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ’ব।

ডিডা প্লাষ্টিকৰ ব্যৱহাৰে সমগ্ৰ দেশতে প্ৰদূষণৰ সৃষ্টি কৰিছে। প্লাষ্টিক প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ চৰকাৰে পদক্ষেপ আৰু কাৰ্যসূচী গ্ৰহণ কৰিছে কিন্তু ই বিশেষ কাম কৰা নাই।

পৰিৱেশ মন্ত্ৰালয়ে কয় যে প্ৰায় ৪০ শতাংশ প্লাষ্টিক আৱৰ্জনা সমগ্ৰ দেশতে সংগ্ৰহ কৰা নহয়। আনকি আৱৰ্জনা বোৰ জ্বলাই ধ্বংস কৰা হ’লেও, ই বায়ু প্ৰদূষণৰ স্তৰ বৃদ্ধি কৰে। আকৌ, প্লাষ্টিকৰ আৱৰ্জনাবোৰেও পৰিৱেশৰ ভয়ানক ক্ষতি সাধন কৰিছে।

Exit mobile version