ধাৰাসাৰ বৰষুণত ভিজিও ক’ভিড-১৯ প্ৰতিষেধকৰ কুপন  সংগ্ৰহ চামগুৰিৰ শিঙিমাৰীত

WhatsApp Image 2021 08 15 at 5.31.36 PM

প্ৰতিষেধক সন্দৰ্ভত উৰা বাতৰিৰ ওলোৱাৰ বাবে ধৰ্মীয় সংখ্যালঘু বসতি প্ৰধান কেতবোৰ অঞ্চলৰ লোকে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ অনীহা প্ৰকাশ কৰাৰ পাছত সম্প্ৰতি ক’ৰনা প্ৰতিষেধকৰ টিকা গ্ৰহণ কৰিবলৈ ব্যাপক উৎসাহ দেখা পোৱা গৈছে।

পুৱাৰে পৰা প্ৰতিষেধক ল’বলৈ কুপনৰ বাবে ৰ’দত শাৰী পাতি থকাৰ উপৰিও ধাৰাসাৰ বৰষুণত ভিজিও ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকে ক’ভিড-১৯ প্ৰতিষেধক ল’বলৈ হেতাওপৰা লগাইছে।

আজি নগাঁও জিলাৰ চামগুৰিৰ শিঙিমাৰীৰ নাঙলধোৱাত তেনে এক পৰিৱেশ বিৰাজমান হ’ল। নগাঁও জিলা প্ৰশাসনৰ ফালৰ পৰা আজি শিঙিমাৰী খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ অধীনস্থ অঞ্চলৰ নাঙলধোৱা বালিকা মধ্য ইংৰাজী বিদ্যালয়ত তিনিশ ক’ভিড-১৯ প্ৰতিষেধকৰ টিকা প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে।

সেই মৰ্মে শিঙিমাৰীৰ নাঙলধোৱা মধ্য ইংৰাজী বিদ্যালয়ত পুৱা পাঁচ মান বজাৰ পৰা অঞ্চলটোৰ এহেজাৰৰো অধিক লোকে কুপন সংগ্ৰহ কৰিবলৈ পাতি থাকে। শাৰী পাতি থকা অৱস্থাত পুৱা দহমান বজাত আধা ঘণ্টা ধৰি হঠাৎ দোপালপিতা বৰষুণ অহা সত্বেও কুপনৰ বাবে বৰষুণত ভিজি লোক সকল শাৰী পাতি থাকে।

এই বিষয়ে বিদ্যালয় খনৰ প্ৰধান শিক্ষক আনোৱাৰ উল্লাহে কয় ,”বৰ্তমান আমাৰ এই অঞ্চলত ভেকচিন ল’বলৈ মানুহ ওলাই আহিছে । আজি দহ বজাৰ পৰা আধা ঘণ্টা ধৰি দোপালপিতা বৰষুণত ভিজিও লোক সকলে শান্তি শৃংখলা অটুট ৰাখি কুপন লৈ ভেকচিন লৈ আছে। ইয়েই প্ৰমাণ কৰে যে আমাৰ এই অঞ্চলৰ লোক সকলৰ বৰ্তমান ভেকচিন ল’বলৈ আগ্ৰহী হৈছে ।’ বৰষুণত ভিজি তিনিশ লোকে কুপন লোৱাৰ পাছত বৰ্তমান শান্তিপুৰ্ণ ভাবে ক’ভিড-১৯ৰ প্ৰতিষেধকৰ টিকা প্ৰদান কাৰ্যসূচী চলি আছে বিদ্যালয় খনত।

Exit mobile version