৭৫ তম্ স্বাধীনতা বৰ্ষ উদযাপন আৰু স্বতন্ত্ৰতা যাত্ৰা : প্ৰদেশ কংগ্ৰেছ

WhatsApp Image 2021 08 15 at 5.30.16 PM

আজি স্বাধীনতা দিৱস উপলক্ষে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয়ত দলৰ মাননীয় সভাপতি শ্ৰীভূপেন কুমাৰ বৰাই পতাকা উত্তোলন কৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকাৰ তলত মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা স্বাধীনতা সংগ্ৰামত আত্মবলিদান দিয়া বীৰ শ্বহীদ তথা মুক্তি যুজাৰু সকলক শ্ৰদ্ধাৰে স্মৰণ কৰে।

ইয়াৰ পাছতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দ্বাৰা গঠিত ৭৫ তম্ স্বাধীনতা বৰ্ষ উদযাপন সমিতিৰ উদ্যোগত “স্বতন্ত্ৰতা যাত্ৰা” নামেৰে এক শোভাযাত্ৰা ৰূপায়ণ কৰা হয়।

উদযাপন সমিতিৰ অধ্যক্ষ প্ৰাক্তন মন্ত্ৰী শ্ৰীশৰৎ বৰকটকী ডাঙৰীয়াৰ নেতৃত্বত এটি প্ৰতিনিধি দলে ৰূপনগৰস্হ মুক্তি যুজাৰু ভৱনলৈ গৈ মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পন কৰে।

অসম প্ৰদেশ কংগ্ৰেছ সেৱাদলৰ দ্বাৰা পৰিচালিত আজিৰ পতাকা উত্তোলন কাৰ্য্যসূচীত অসম বিধান সভাৰ বিৰোধী দলপতি শ্ৰীদেৱব্ৰত শইকীয়া, লোকসভা বিৰোধী দলৰ উপ-দলপতি শ্ৰীগৌৰৱ গগৈ, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্য্যকৰী সভাপতি শ্ৰীকমলাক্ষ দে পুৰকায়স্হ, প্ৰাক্তন সাংসদ শ্ৰীবলীন কুলী আৰু দ্বিজেন শৰ্মা, বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ শ্ৰীপৃথ্বী মাঝি আৰু টংক বাহাদুৰ ৰায় ডাঙৰীয়া, জ্যেষ্ঠ কংগ্ৰেছ নেতা চিৰাজুল হুছেইন শইকীয়াকে আদি কৰি ৭৫ তম্ স্বাধীনতা বৰ্ষ উদযাপন কমিটিৰ আহবায়ক শ্ৰীনৃপেন্দ্ৰ ঠাকুৰীয়া ডাঙৰীয়া, প্ৰাক্তন বিধায়ক, প্ৰাক্তন মন্ত্ৰী, দলৰ জ্যেষ্ঠ নেতা-কৰ্মীৰ লগতে মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, সেৱাদল, এনএছইউআই, ইয়ং বিগ্ৰেডকে ধৰি প্ৰায় তিনি শতাধিক সদস্য-সদস্যাই অংশ গ্ৰহণ কৰে।

Exit mobile version