ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিছে আঠমহীয়া কেচুৱা আৰিয়ান হুছেইন

37352782 tiny foot of newborn baby in soft selective focus

গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ক’ভিড পজিটিভ হৈ আঠমহীয়া কেঁচুৱা আৰিয়ান হুছেইনে মৃত্যুৰ সৈতে যুঁজ দি আছে । কলগাছিয়াৰ আদিতপুৰ গাঁৱৰ আবুল হুছেইনৰ পুত্ৰ আৰিয়ান হুছেইনৰ (বয়স আঠ মাহ) চাৰি মাহ পূৰ্বে ক’ভিড পজিটিভ ধৰা পৰে ।

বৰপেটা ফখৰুদ্দিন আলি আহমেদ মেডিকেল হাস্পতালৰ চিকিৎসাত নিগেটিভ হৈ ঘৰলৈ উভতি আহে যদিও পুনৰ কেচুৱাটি অসুস্থ হোৱাত গুৱাহাটী মেডিকেল হাস্পতালত চিকিৎসা কৰা হয় । ইয়াতো কেচুৱাটিৰ স্বাস্থ্যৰ কোনো উন্নতি নোহোৱাত পৰিয়ালৰ মাজত তীব্ৰ হাহাকাৰৰ সৃষ্টি হৈছে ।

যোৱা দুমাহ ধৰি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে যদিও আজিকোপতি একো পৰিৱৰ্তন হোৱা নাই বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে । বিগত চাৰি মাহ ধৰি ক’ভিড-১৯ত আক্ৰান্ত কেচুৱাটি মৃত্যুৰ সৈতে যুঁজ দিছে ।

পৰিয়ালে সমস্ত বিক্ৰী কৰি চিকিৎসা কৰিছে যদিও সুস্থ কৰিব পৰা নাই। এই ক্ষেত্ৰত কেচুৱাটিৰ চিকিৎসাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীৰ ওচৰত সহায় বিচাৰিছে পৰিয়ালৰ লোকে । কোনো সদাশয় লোকে আৰ্থিক সাহাৰ্য্য দিব বিচাৰিলে A/C 33908994644, IFSC SBIN0005091 নম্বৰত সহায় কৰাৰ বাবে অনুৰোধ জনাইছে ।

Exit mobile version