চিৰাঙৰ বিজনীৰ বান-গৰাখহনীয়া পিড়িত অঞ্চল ভ্ৰমণ জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকা আৰু বিটিআৰৰ মুখ্য প্ৰমোদ বড়োৰ

মন্ত্ৰী পিযুষ হাজৰিকাই কয় যে, এয়া আচলতে মোৰ বিষয় নহয় এয়া পঞ্চায়ত আৰু গ্ৰামোন্নয়ণৰ পথ খহনীয়াত পৰিছে যদিও চৰকাৰ হিচাপে আমিয়ে চাব লাগিব । জলসম্পদ বিভাগৰ পৰা আমি আজিয়ে কাম আৰম্ভ কৰিম বুলি কয় মন্ত্ৰীজনে ।

মন্ত্ৰীজনে সুস্মিতা দেৱ প্ৰসংগত কয় যে, কংগ্ৰেছত কোনো থাকিব নোৱাৰে । সকলোৱে লাহে লাহে কংগ্ৰেছ এৰিব লাগিব বুলিও মন্তব্য কৰে মন্ত্ৰীজনে ।

বিটিআৰৰ মুখ্য প্ৰমোদ বড়োয়ে কয় যে আমি তিনিমাহ পূৰ্বেই বিভাগসমূহৰ পৰা ৰিপ’ৰ্ট বিচাৰিছিলো যদিও বিভাগসমূহে সময়ত নিদিয়া বাবেই আজি এই অৱস্থা হয় । ইমান খহনীয়া হ’ব বুলি কোনেও ভবা নাছিল বুলি কয় বড়োয়ে । সীমান্ত অঞ্চলৰ লগতে নৈৰ এইসমূহ অঞ্চলৰ খহনীয়া প্ৰতিৰোধৰ বাবে মাষ্টাৰ প্লেন কৰা হৈছে আৰু সেই মতে কাম হ’ব বুলি কয় প্ৰমোদ বড়োয়ে ।

ভূটানৰ পৰা নামি অহা পানীয়ে চিৰাং জিলাৰ কে’বাখনো নৈৰ বাঢ়নি পানীয়ে ব্যাপক ক্ষতি সাধন কৰিছিল চিৰাঙৰ প্ৰায় দুই শতাধিক গাঁৱত । বিগত সময়ত মুখ্যমন্ত্ৰী, ৰাজ্যপাল, জলসম্পদ মন্ত্ৰীকে আদি কৰি বহু মন্ত্ৰীয়ে ভ্ৰমণ কৰিছিল যদিও বাস্তৱত কোনো কাম নকৰাৰ ফলতে এইদৰে প্ৰতি বছৰে বান গৰাখহনীয়াত ককবকাবলগীয়া হয় সাধাৰণ জনতাই ।

Exit mobile version