জনীয়া-কাদঙত ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন

WhatsApp Image 2021 08 16 at 4.36.29 PM

সমগ্ৰ দেশৰ লগতে ১৫ আগষ্টত জনীয়া, কাদং অঞ্চলতো গৌৰৱোজ্জ্বল ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় । তদুপলক্ষে জনীয়া গাঁও পঞ্চায়তত পতাকা উত্তোলন কৰে গাঁও পঞ্চায়তখনৰ সচিবৰ সহযোগত ভাৰপ্ৰাপ্ত সভাপতি অখিল ওজাই ।

ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত সমাজসেৱী সংস্থা, জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সাংবাদিকদ্বয় ক্ৰমে মইনুল হক চৌধুৰী আৰু আবুল হুছেইন, সমাজসেৱী সংস্থাৰ সম্পাদক আব্দুল মালিক, জনীয়া সমন্বয়ৰক্ষী সাংস্কৃতিক অনুষ্ঠানত ইমান আলী, জনীয়া গাঁও পঞ্চায়ত সচিব আফতাৰ হুছেইন, কাদং আঞ্চলিক বিকলাংগ সন্থাৰ আমিনুল হক, জনীয়া হাইস্কুলত ছোলেইমান চৌধুৰী, এছএমডিচিৰ সভাপতি ছাহজাহান আলীৰ সহযোগত অনুষ্ঠানটো আয়োজন কৰা হয় । জনীয়া আঞ্চলিক হাইস্কুলৰ আয়নাল হক চৌধুৰীয়ে পতাকা উত্তোলন কৰে ।

উল্লেখ্য যে, স্বাধীনতা দিৱস উপলক্ষে জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদ প্ৰাংগনত জিলা সমন্বয়ক মকিব শিকদাৰৰ তত্বাৱধানত ইণ্ডো গ্ল’বেল ছচিয়েল ছাৰ্ভিচ ছ’চাইটিৰ উদ্যোগত স্বাধীনতা দিৱস উপলক্ষে মিউজিক চেয়াৰ, চিত্ৰাংকন, কুইজ, স্মৃতি পৰীক্ষা, আকস্মিক বক্তৃতা, নৃত্য, গীত আদি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

Exit mobile version