পেগাছাছ সন্দৰ্ভত তদন্ত কৰিব বিশেষজ্ঞৰ কমিটীয়ে, শীর্ষ আদালতত জানালে কেন্দ্র‌ই

60f59b9c29840

পেগাছাছ সন্দৰ্ভত তদন্ত কৰিবৰ বাবে এটা বিশেষজ্ঞ কমিটী গঠন কৰা হ’ব । সোমবাৰে উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্র‌ই । পেগাছাছ সন্দৰ্ভত বিৰোধীসকলৰ সকলো অভিযোগ আগতেই নাকচ কৰিছে কেন্দ্রীয় চৰকাৰে । উচ্চতম ন্যায়ালয়ত দাখিল কৰা হলফনামাতো একই কথাই জনাইছে তেওঁলোকে ।

বিগত জুলাইত সংসদৰ বৰ্ষাকালীন অধিবেশন আৰম্ভ হোৱাৰ আগে আগেই প্রকাশ্যত আহে ফোনত দৃষ্টি ৰখা কাণ্ড । যাক লৈ সংসদ উত্তাল হৈ পৰে । কেন্দ্রেৰ বিৰুদ্ধেই দেশৰ বিৰোধী নেতা, বিচাৰপতি, সাংবাদিক আৰু সমাজকর্মীসকলৰ ফোনত দৃষ্টি ৰখাৰ অভিযোগ উত্থাপন কৰিছে বিৰোধীসকলে । শীর্ষ আদালততো গোচৰ দাখিল কৰা হৈছে । এই গোচৰৰ শুনানিত কেন্দ্রৰ মন্তব্য জানিব বিচাছিল সর্বোচ্চ ন্যায়ালয়ে । এইবাৰ কেন্দ্রেৰ তথ্য প্রযুক্তি মন্ত্রণালয়ৰ অতিৰিক্ত সচিবে আদালতত হলফনামা দি জনায়, ‘‘পেগাছাছ সংক্রান্ত সকলো বিষয় কেন্দ্র‌ই গঠন কৰা বিশেষজ্ঞসকলৰ কমিটীয়ে পৰ্যবেক্ষণ কৰিব ।’’

বিরোধীসকলৰ মন্তব্য, যিহেতু স্পাইৱেৰ প্রস্তুতকাৰী ইজৰাইলী সংস্থাই কেৱল বিভিন্ন দেশৰ কেন্দ্রীয় চৰকাৰকেই পেগাছাছ বিক্ৰী কৰে, সেয়ে দেশৰ নাগৰিকসকলৰ ফোনত দৃষ্টি ৰখাত ভাৰত চৰকাৰৰেই হাত থকা স্বাভাৱিক। বিৰোধীসকলৰ এই দিয়ে অস্বীকাৰ কৰি সংসদত বক্তব্যও পেশ কেন্দ্রীয় তথ্যপ্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে । কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রণালয়েও জনাইছে, ইজৰাইলী সংস্থাৰ স’তে কোনো ধৰণৰ আর্থিক লেনদেন হোৱা নাই কেন্দ্রেৰ ।

Exit mobile version