বিমানপথ বন্ধ কৰিলে কাবুলে, ভাৰতীয় নাগৰিকসকলক কেনেদৰে উভতাই অনা হ’ব চিন্তিত দিল্লী

W5M7KE4AR5NJXP5OPSXIUO5DKU

বন্ধ কৰি দিয়া হৈছে কাবুলৰ বিমানপথ । ফলত আফগানিস্তানৰ ৰাজধানী চহৰত আৱদ্ধ হৈ থকা ভাৰতীয়সকলক কেনেদৰে দেশত উভতাই আনিব পাৰি, তাক লৈ উদ্বিগ্ন দিল্লী । কাবুলৰ বিমানপথ বন্ধ হৈ থকাৰ ফলত সম্প্ৰতি হামিদ কাৰজাই বিমানবন্দৰত কোনো বিমানে অৱতৰন কৰিব নোৱাৰিব ।

এয়াৰ ইণ্ডিয়াৰ এক সূত্ৰ‌ই সংবাদ মাধ্যমৰ আগত কয়, ‘দুপৰীয়া ১২.৩০ বজাত এখন বিমান কাবলৰ দিশে ৰাওনা হোৱাৰ কথা আছিল । সেইখন সম্প্ৰতি বাতিল কৰা হৈছে ।’ কাবুল বিমানবন্দৰ কৰ্তৃপক্ষৰ তৰফৰ পৰাও জনোৱা হৈছে, বিমান বন্দৰত মানুহৰ ভিৰ হৈছে । অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহ’বলৈয়ে বিমানপথ বন্ধ কৰা হৈছে ।

কাবুলৰ পৰা নাগৰিকসকলক জৰুৰী ভিত্তিত উভতাই আনিবৰ বাবে সোমবাৰে পুৱাই এয়াৰ ইণ্ডিয়াক দুখন বিমান প্ৰস্তুত ৰাখিবলৈ নিৰ্দেশ দিয়ে কেন্দ্ৰ‌ই । কেন্দ্ৰৰ নিৰ্দেশ মতেই পদক্ষেপ ল’বলৈ আৰম্ভ কৰিছিল ৰাষ্ট্ৰীয় বিমান সংস্থাই । ফলত আফগানিস্তানত আৱদ্ধ হৈ থকা নাগৰিকক উভতাই অনাৰ কাম ব্যাহত হয় । আমেৰিকাৰ পৰা দিল্লীগামী বিমানেও পথ পৰিৱৰ্তন কৰিব লাগিব বুলি এয়াৰ ইণ্ডিয়াক জনাইছে সেই বিমান সংস্থাৰ সূত্ৰ‌ই ।

Exit mobile version