ইৰানত কৰ’নাত প্রতি দুই মিনিটত এজনৰ মৃত্যু

thumbs b c cc30e930eb14c24b7cc91dd7e7b65998

ইছলামিক দেশ ইৰানত কৰ’নাৰ সংক্ৰমণৰ ফলত ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হৈছে। দেশখনত ক’ভিডৰ সংক্ৰমণৰ পঞ্চমটো ঢৌ বর্তমানে অব্যাহত আছে।

সম্প্রতি ক’ভিড সংক্রমণে দেশজুৰি সবাতােকৈ ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু ইৰানৰ প্ৰায়বােৰ চিকিৎসালয়তে সম্প্রতি শয্যাৰ অভাৱ ঘটিছে। তদুপৰি বহু চিকিৎসালয়ত অক্সিজেনৰাে নাটনি হৈছে।

চিকিৎসালয়ৰ মজিয়া আৰু যানবাহন পার্কিং স্থানতাে ক’ভিড ৰােগীক ৰাখি চিকিৎসা প্রদান কৰা হৈছে। দৈনিক গড়ে ৪০ হেজাৰ লােক দেশজুৰি ক’ভিডত আক্ৰান্ত হৈছে।

তদুপৰি এদিনতে ইৰানত ক’ভিডৰ মৃতকৰ সংখ্যাও ৬০০ লৈ বৃদ্ধি পাইছে। এক প্রতিবেদনত উল্লেখ কৰা অনুসৰি ৮.৩০ কোটি জনসংখ্যাৰ দেশ ইৰানত কৰনাত সম্প্রতি প্রতি দুই মিনিটত এজন লােকৰ মৃত্যু হৈছে।

কৰ’নাৰ সংক্রমণ বৃদ্ধি অব্যাহত থকাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে দেশখনত এসপ্তাহৰ বাবে তলাবন্ধ ঘােষণা কৰা হৈছে।

Exit mobile version