চিৰাঙত বাহৰ পাতি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ বান পৰিস্থিতি, নৈৰ খহনীয়া পৰিদৰ্শন, বানপানীৰ স্থায়ী সমস্যা সমাধানত গুৰুত্ব

খহনীয়া ৰোধত কৰ্মৰত শ্ৰমিকক উৎসাহ যোগাবলৈ নিজেও হাত উজান দিলে মন্ত্ৰী হাজৰীকাই

ৰাজ্যৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই কালি চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত খুজ্ৰাপগুৰিত আই নৈৰ খহনীয়া পৰিদৰ্শন কৰাৰ পাছত আজি পুনৰ উক্ত স্থানত গৈ এই খহনীয়া ৰোধৰ বাবে বিভাগে চলাই থকা কাম-কাজৰ চোৱা-চিতা কৰে ৷ মন্ত্ৰীগৰাকীয়ে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য, বিধায়কদ্বয় জয়ন্ত বসুমতাৰী, অজয় কুমাৰ ৰায় আৰু বিটিচিৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীৰ উপস্থিতিত কালি আবেলি খুজ্ৰাপগুৰিত পঞ্চায়ত আৰু গ্ৰাম্যোন্নয়ন বিভাগৰ দ্বাৰা নিৰ্মিত মথাউৰিৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰিছিল ৷

আজি নদীৰ পানী দ্ৰুতগতিত বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰীগৰাকীয়ে পুনৰাই উক্ত অঞ্চল পৰিদৰ্শন কৰে আৰু সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, কালিৰ তুলনাত আই নৈৰ পানীভাগ আজি ছয়-সাত ফুট বাঢ়িছে, যাৰ ফলত শ্ৰমিকে তীব্ৰ সোঁতৰ বাবে কাম কৰাত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ ভূটানৰ লগত লাগি থকা বাবে চিৰাং জিলাত নৈসমূহৰ বহু খহনীয়া সমস্যা আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

মন্ত্ৰীজনে স্পষ্ট কৰি কয় যে আগতে এই মথাউৰি জলসম্পদ বিভাগৰ পৰা বন্ধোৱা হোৱা নাছিল আৰু মথাউৰিটো মূলতঃ বালিৰে বন্ধোৱা হৈছিল ৷ এতিয়া জলসম্পদ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, ভূমি সংস্কৰণ যি বিভাগেই হওক নৈৰ বান্ধ বান্ধিলে পকী বান্ধ বান্ধিব লাগিব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে আজি উক্ত অঞ্চলত বিভাগৰ কৰ্মী আৰু শ্ৰমিকসকলে বান্ধ ৰক্ষাৰ বাবে অহৰহ কাম কৰি থকা ক্ষণত মন্ত্ৰীগৰাকীয়ে নিজেও তেওঁলোকৰ কামত হাত উজান দি শ্ৰমিকসকলৰ মনোবল বৃদ্ধিৰ প্ৰয়াস কৰে ।

তেওঁ খুজ্ৰাপগুৰি গাঁৱত বান প্ৰতিৰোধৰ বাবে চৰকাৰে চলাই থকা পাৰ্কুপাইন আৰু জিঅ’ বেগ ব্যৱহাৰৰ কামো পৰ্যবেক্ষণ কৰে ৷ একেৰাহে বহু সময় ধৰি উক্ত অঞ্চলত খহনীয়া ৰোধৰ কাম পৰ্যবেক্ষণ কৰি মন্ত্ৰীগৰাকীয়ে উপস্থিত সংবাদকৰ্মীসকলক প্ৰকাশ কৰে যে বিভাগে যিকোনো উপায়েৰে আই নৈৰ মথাউৰি ৰক্ষা কৰাৰ বাবে প্ৰয়াস কৰি আছে আৰু অনাগত সময়ত এই বান্ধ স্থায়ীভাৱে নিৰ্মাণ কৰি খহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে কাম হাতত ল’ব |

উল্লেখনীয় যে আজি পুৱাৰ ভাগত মন্ত্ৰীগৰাকীয়ে চিৰাং জিলাৰ নাঙল নৈৰ নাঙলভাঙাত হোৱা এক নাও দূৰ্ঘটনাৰ খবৰ লোৱাৰ লগতে বান পৰিস্থিতি অধ্যয়নৰ বাবে কলিয়াগাঁৱলৈ যায় ৷ বিয়লি পৰত মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকাই বিজনী মহকুমাৰ লিডুপাৰা গাঁৱলৈ গৈ আই আৰু মাকা নদীৰ সংযোগস্থলত খহনীয়া আৰু বান পৰিস্থিতিৰ বুজ লয় ৷ লিডুপাৰা বান খহনীয়া পৰিদৰ্শন কৰি মন্ত্ৰী জনে চিৰাং জিলাৰ বান খহনীয়া পৰিস্থিতি যথেষ্ট চিন্তনীয় বুলি উল্লেখ কৰে আৰু ভৱিষ্যতে বান প্ৰতিৰোধৰ বাবে স্থায়ী সমাধানৰ ওপৰত গুৰুত্বাৰোপ কৰে ৷

উল্লেখযোগ্য যে আই নৈয়ে নামনি অসমৰ কেইবাটাও অঞ্চলত ব্যাপক বান আৰু খহনীয়া সৃষ্টি কৰি থকাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জলসম্পদ মন্ত্ৰীগৰাকীক উক্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিছিল । মুখ্যমন্ত্ৰীৰ এনে নিৰ্দেশত মন্ত্ৰী পীযুষ হাজৰীকাই এনেদৰে চিৰাং জিলাত বাহৰ পাতি নদীৰ বান্ধ ৰক্ষা আৰু খহনীয়া প্ৰতিৰোধৰ বাবে বিভাগীয় বিষয়া, অভিযন্তা তথা শ্ৰমিকসকলৰ কামকাজ প্ৰত্যক্ষৰূপত পৰ্যবেক্ষণ কৰি আছে ।

Exit mobile version