যুৱ সমাজৰ বাবে ক্ষতিকাৰক, বাংলাদেশত নিষিদ্ধ পাবজি-ফ্রি ফায়াৰ

c6a0840a311b5c4ff6b3b8a66ec8651b7d684d53

এইবাৰ বাংলাদেশত নিষিদ্ধ হ’ল পাবজি আৰু ফ্রি ফায়াৰ ম’বাইল গেম। সোমাবাৰে বাংলাদেশৰ উচ্চ ন্যায়ালয়ে এই ক্ষতিকাৰক গেম নিষিদ্ধ কৰাৰ নির্দেশ দিলে।

এই ৰায় দিলে ন্যায়াধীশ ৰহমান মিঞা আৰু মহম্মদ কামরুল হুছেইন মােল্লাৰ বিচাৰপীঠে। প্রকাশিত বাতৰি অনুসৰি, পাবজি আৰু ফ্রি ফায়াৰৰ দৰে অনলাইন গেম যুৱ সমাজৰ বাবে ক্ষতিকাৰক বুলি এক অভিযােগ বাংলাদেশত উত্থাপিত হৈছিল।

এই অভিযােগৰে বিচাৰ চলাই উচ্চ ন্যায়ালয়ে দেশখনত পাবজি, ফ্রি ফায়াৰক নিষিদ্ধ ঘােষণা কৰিলে।

Exit mobile version