বৰপেটা গ্ৰামীন স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ বিনামূলীয়া প্ৰশিক্ষণৰ নামভৰ্তিৰ বাবে আবেদন পত্ৰ গ্ৰহণৰ আহ্বান

youth matters

বৰপেটা জিলাৰ শিক্ষিত, অৰ্ধশিক্ষিত নিবনুৱাসকলক স্ব-নিয়োজনমুখী কৰি তোলাৰ উদ্দেশ্যেৰে ইউকো বেংক বৰপেটা জিলাৰ অধীনত থকা গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত গাঁৱৰ যুৱক-যুৱতীসকলক বিভিন্ন ধৰণৰ বিনামূলীয়া প্ৰশিক্ষণ দি থকা হৈছে ।

ব্যক্তিত্ব বিকাশ সম্বন্ধিত প্ৰশিক্ষণ কাৰ্য্যসূচী অনুযায়ী গো-পালন আৰু কেঁচুসাৰ উৎপাদন, মীণ পালন, ছাগলী, কুকুৰা, গাহৰী পালন, উদ্যান প্ৰবন্ধন, কাঠফুলা উৎপাদন, উদ্যোগী বিকাশ, কম্পিউটাৰ, বিউটিপাৰ্লাৰ, চিলাই মেচিন, ফুদ প্ৰছেচিং, ধূপকাঠি নিৰ্মাণ আদি বিভিন্ন ধৰণৰ প্ৰশিক্ষণ বিনামূলীয়াকৈ দিয়া হৈছে ।

এই কথা প্ৰকাশ কৰি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই আগ্ৰহী যুৱক-যুৱতীসকলে উপৰোক্ত বিষয়সমূহত প্ৰশিক্ষণ ল’ব বিচাৰিলে বৰপেটা নগৰস্থিত ৰাইনো ক্লাৱৰ প্ৰথম মহলাত থকা ইউকো আৰচেটি ( UCO RSETI ) কাৰ্যালয়ৰ পৰা আবেদন পত্ৰ সংগ্ৰহ কৰিবলৈ আহ্বান জনোৱা হৈছে ।

বিগত বছৰসমূহত জিলাখনৰ পৰা বহুসংখ্যক নিবনুৱাক এই প্ৰতিষ্ঠানে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দি আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ সক্ষম হৈছে । ইউকো আৰচেটিৰ সঞ্চালক ৰঞ্জিৎ তালুকদাৰে জানিবলৈ দিয়ে যে, যিসকলে এই প্ৰশিক্ষণ লয় তেওঁলোকৰ স’তে পৰৱৰ্তী দুবছৰলৈ প্ৰতিষ্ঠানটোৱে যোগাযোগ ৰক্ষা কৰি আত্মসংস্থাপনৰ বাবে বেংক ঋণৰ সুবিধা কৰি দিয়ে।

উল্লেখনীয় যে, এই প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৱে বিগত চাৰি বছৰে ভাৰত চৰকাৰৰ তৰফৰ পৰা হোৱা গ্ৰেডিঙত “এএ” মানদণ্ডৰ স্বীকৃতি লাভ কৰি আহিছে । লগতে কেন্দ্ৰীয় চৰকাৰৰ গ্ৰামীণ বিকাশ মন্ত্ৰণালয়ৰ তৰফৰ পৰা এইবাৰ চি এন এন প্ৰমাণ পত্ৰ পাবলৈ সক্ষম হৈছে ।

চৰকাৰৰ অনুমতি সাপেক্ষে আগন্তুক বিত্তীয় বৰ্ষ (২০২১-২২)ৰ প্ৰশিক্ষণ অহা মাহৰ পৰা আৰম্ভ কৰিব পৰা যাব বুলি তেওঁ আশা প্ৰকাশ কৰিছে । বৰপেটাৰ সকলো নিবনুৱাকে এই বিনামূলীয়া প্ৰশিক্ষণ গ্ৰহণ কৰি লাভান্বিত হ’বলৈ জনসংযোগ বিষয়াই আহ্বান জনাইছে ।

Exit mobile version