আমেৰিকাৰ পহৰাত কেনেকৈ ইমান অস্ত্ৰ-শস্ত্ৰ গোটালে জেহাদীয়ে ?

তালিবানৰ হাতত আছে ইউ এইচ ৬০ ব্লেক হক্ হেলিকপ্টাৰ-অত্যাধুনিক ড্ৰ'ন্, ক্ষেপণাস্ত্ৰ

taliban afghanistan

আফগানিস্তানক লৈ বিগত কে’বামাহ ধৰি যি এক শংকা প্ৰকট হৈছিল, সেয়া অৱশেষত যোৱা দেওবাৰে সত্য প্ৰমাণিত হ’ল । ইছলামিক জেহাদী সংগঠন তালিবানে পুনৰ দখল কৰিলে আফগানিস্তান । সুদীৰ্ঘ ২০ বছৰৰ পাছত তালিবানৰ দখললৈ আহিল এইখন দেশ । কেৱল আফগানিস্তান দখল কৰাই নহয়, ইয়াৰ নামো সলনি কৰি ‘ইছলামিক এমিৰেটছ অৱ আফগানিস্তান’ ৰাখিলে তালিবানে ।

প্ৰকাশিত বাতৰি অনুসৰি, তালিবানৰ হাতত অত্যাধুনিক ‌বিভিন্ন যুদ্ধাস্ত্ৰৰ লগতে যুঁজাৰু হেলিকপ্টাৰ, অত্যাধুনিক ড্ৰ’ন্, ক্ষেপণাস্ত্ৰ‌ও আছে । তালিবান সন্ত্ৰাসবাদীৰ হাতত ৰাছিয়াত তৈয়াৰী এ কে-৪৭ ৰাইফলৰ লগতে এম-৪ কাৰ্বাইন আৰু এম-১৬ ৰাইফল সততে প্ৰত্যক্ষ হৈ আহিছে । বহু সদস্যই অত্যাধুনিক ৰকেট হাতত ৰখাটোও দৃষ্টিগোচৰ হৈছে ।

বিগত দুই দশক ধৰি আফগানিস্তানত আমেৰিকাৰ নেতৃত্বত নাটো বাহিনীয়ে অহৰহ পহৰা দি আহিছিল । আমেৰিকা আৰু নাটো বাহিনীয়ে তালিবানৰ বিৰুদ্ধে প্ৰায়ে অভিযান চলোৱা বুলিও দাবী কৰিছিল । কে’বা সহস্ৰাধিক তালিবান সদস্যৰ বিগত দুই দশকত নাটোৰ অভিযানত মৃত্যু হোৱা বুলিও আমেৰিকাই দাবী কৰি আহিছে । কিন্তু আমেৰিকা আৰু নাটো বাহিনীয়ে সেনা প্ৰত্যাহাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পূৰ্বেই হঠাতে তালিবান পুনৰ ইমান শক্তিশালী হৈ উঠিল কেনেকৈ ? ক’ৰ পৰা তালিবানে ইমান কম সময়ৰ ভিতৰত এনেবোৰ অত্যাধুনিক যুদ্ধাস্ত্ৰ লাভ কৰিলে ?

আমেৰিকাই তালিবানৰ ৰাজহাঁড় ভাঙি দিয়া বুলি দাবী কৰাৰ পাছতো মাৰ্কিন সেনাৰ সম্পূৰ্ণ প্ৰস্থানৰ পূৰ্বেই তালিবানে এইদৰে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত হৈ আফগান সেনাক পৰাভূত কৰি পুনৰ দেশত তালিবানী শাসন প্ৰৱৰ্তন কৰাটো সঁচাকৈয়ে ৰহস্যজনক ঘটনা হিচাপে পৰিচিত হৈছে । তালিবান যুঁজাৰুৱে ক’ৰ পৰা ইউ এইচ ৬০ ব্লেক হক্ হেলিকপ্টাৰ লাভ কৰিলে সেয়াও এক চিন্তাৰ বিষয় ।

Exit mobile version