গোসাইগাঁও মহকুমাৰ সকলো বিভাগৰ বিষয়াৰ স’তে বিটিচি প্ৰধান প্ৰমোদ বড়োৰ মত বিনিময়

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত প্ৰতিটো বিভাগৰ বিষয়াৰ লগত মত বিনিময় কৰি বিভাগৰ অভাৱ অভিযোগ বিষয়ে অৱগত হৈ সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰে ৷ গোসাইগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত মহকুমাধিপতি ৰাহুল কুমাৰ গুপ্তাৰ পৰিচালনাত অনুষ্ঠিত মত বিনিময় সভাত বিভিন্ন বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়াসকলে নিজৰ নিজৰ অভাব অভিযোগ সমুহৰ বিষয়ে বিটিচি প্ৰধান গৰাকীক অবগত কৰে ৷

ইয়াৰে মহকুমা ৰেচম আৰু হস্ততাত, পশুপালন, খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়, আৰ এন বি চিকিৎসালয়, কৃষি গৱেষণা কেন্দ্ৰ আদি সকলো বিভাগৰ দায়িত্বপ্ৰাপ্ত বিষয়াসকলৰ পৰা সকলো বিষয়ে অৱগত হৈ সকলো সমস্যাৰ সমাধানৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে প্ৰয়োজনীয় ধনৰ যোগান ধৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে ৷

উক্ত কাৰ্যসুচীত বিটিচিৰ কাৰ্যবাহী সদস্য উকীল মুছাহাৰী, উইলছন হাছদা, মনোনিত পৰিষদীয় সদস্য মাধৱ ছেত্ৰী, পৌৰপতি প্ৰফুল্ল ইছলাৰীকে ধৰি ইউ পি পি এলৰ একাধিক নেতা-কৰ্মী উপস্থিত থাকে ৷

Exit mobile version