পাকিস্তানৰ স’তে তালিবানৰ দহৰম মহৰম, উদ্বিগ্ন দিল্লী

পৰিস্থিতিৰ সুযােগ ল’বলৈ তৎপৰ ইছলামাবাদ

আফগানিস্তানৰ প্ৰতিটো বাট-পথৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰপতিৰ প্রাসাদলৈ এতিয়া ৰাজত্ব বন্দুকধাৰী তালিবান।আফগানিস্তানত দ্রুত পট পৰিৱর্তনৰ ফলত ভাৰতৰ উদ্বিগ্নতা বৃদ্ধি পাইছে। কূটনৈতিক শিবিৰৰ মতে পাকিস্তান সামৰিক বাহিনী আৰু চোৰাংচোৱা সংস্থা আই এছ আইৰ মদতপুষ্ট পাক তালিবানগােষ্ঠীৰ নিয়ন্ত্রণ ক্ৰমাৎ শক্তিশালী হ’ব আফগানিস্তানত। ইতিমধ্যে ইছলামাবাদৰ হাত শক্তিশালী হৈ পৰিছে বুলিও চৰ্চিত হৈছে।

স্বাভাৱিকতে এনে পৰিস্থিতিত উদ্বিগ্ন দিল্লী। সূত্রত প্রকাশ যে মঙলবাৰে সন্ধিয়া মন্ত্রীসভাৰ নিৰাপত্তা বিষয়ক কমিটীৰ বৈঠকত শীর্ষ মন্ত্রীসকলৰ স’তে এনে সম্ভাৱনাক লৈয়ে আলােচনা কৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে। আফগানিস্তানৰ পৰিস্থিতিক লৈ তেওঁ উদ্বেগ প্রকাশ কৰিছে। বৈঠকত মােদীয়ে কয় যে সম্প্রতি আৱদ্ধ হৈ থকা ভাৰতীয়ক নিৰাপদে দেশলৈ ওভতাই অনাটোৱে অগ্রাধিকাৰৰ বিষয়। বৈঠকত উপস্থিত থাকে প্রতিক্ষা মন্ত্রী ৰাজনাথ সিং, গৃহমন্ত্রী অমিত শ্বাহ, বৈদেশিক পৰিক্ৰমা মন্ত্রী এছ জয়শংকৰ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডােভাল আদি।

আফগানিস্তানত নিযুক্ত ভাৰতীয় ৰাষ্ট্রদূত ৰুদ্ৰেন্দ্ৰ টেনে প্রধানমন্ত্রীক পৰিস্থিতি সম্পর্কে অৱগত কৰে। তালিবানৰ দ্বাৰা কাবুলৰ পতনৰ পাছত টেণ্ডনক দেশলৈ ওভতাই অনা হৈছে। বুধবাৰে মার্কিন বিদেশ সচিবৰ স’তে কাবুলৰ পৰিস্থিতি সম্পৰ্কত ফোনতে বার্তালাপ কৰে জয়শংকৰে। আফগানিস্তানত আৱদ্ধ ভাৰতীয়সকলক ওভতাই অনাৰ সমান্তৰালভাৱে নতুন পৰিস্থিতিত নিৰাপত্তা কৌশল ৰচনাৰ বাবে তৎপৰ হৈছে ভাৰত চৰকাৰ। তালিবানৰ অস্ত্ৰৰ ঝনঝননি আৰু ইছলামাবাদৰ গুৰুত্ব বৃদ্ধি নতুন দিল্লীৰ বাবে উদ্বেগৰ কাৰণ হৈছে।

তালিবান নেতৃত্বই যি কাঠামােতে দেশ শাসন নকৰক কিয় পাকিস্তানৰ ওপৰত নিৰ্ভৰশীলতা অদূৰ ভৱিষ্যতে বৃদ্ধি পােৱাটো নিশ্চিত বুলি কোৱা হৈছে। ইতিমধ্যে আন্তর্জাতিক মহলত স্বীকৃতি লাভৰ বাবে তেওঁলােকে পাকিস্তানক ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। বিভিন্ন সামগ্রী চলাচলৰ বাবে উন্মুক্ত পাক সীমান্ত আৰু এয়া দেশখনৰ বৰ চহৰবােৰ তালিবানৰ বাবে প্রয়ােজন হ’ব। তদুপৰি কূটনৈতিক বিশেষ জ্ঞান নথকা তালিবানে আন্তর্জাতিক স্বীকৃতি লাভৰ বাবে পাকিস্তানৰ সহায় প্রতি পদে পদে লােৱাৰ সম্ভাৱনা আছে।

ভৌগােলিক অৱস্থানৰ দিশৰ পৰাও পাকিস্তান গুৰুত্বপূর্ণ হ’ব। তদুপৰি পাকিস্তানৰ স’তে চীনৰ সম্পর্ক মধুৰ। ইপিনে, ইছলামাবাদে তালিবানৰ স’তে কি চুক্তি কৰিব সেয়া এতিয়াও স্পষ্ট নহ’লেও বর্তমানৰ পৰিস্থিতিৰ সুযােগ ল’বলৈ তেওঁলােক অতি সক্রিয় হৈ পৰিছে। ইতিমধ্যে পাক প্রধানমন্ত্রী ইমৰান খানে তালিবানৰ আগ্রাসনক দাসত্বৰ পৰা মুক্ত হােৱা বুলি স্বীকৃতি দিছে।

পাকিস্তানে তালিবানৰ সহায়ত কাশ্মীৰ প্রসংগত ভাৰতক চাপ দিবলৈ চেষ্টা কৰিব বুলিও একাংশ কূটনৈতিক মহলৰ ভাষ্য। ইতিমধ্যে চীনে তালিবানক সমর্থন জনােৱাৰ আঁৰতাে পাকিস্তানৰ ভূমিকা আছে বুলি চৰ্চিত হৈছে। বৈদেশিক মন্ত্রণালয়ৰ সূত্ৰত প্ৰকাশ যে চীন আৰু তালিবানৰ মাজত সেতুবন্ধৰ কাম কৰিছে পাকিস্তানে। ৰাষ্ট্ৰসংঘৰ পাঁচ স্থায়ী সদস্য দেশৰ ভিতৰত চীন আৰু ৰাছিয়াই ইতিমধ্যে পাকিস্তানক মাজত ৰাখি তালিবানৰ ঘনিষ্ঠতা বৃদ্ধি কৰা বুলি ভাৰতৰ আশংকা বৃদ্ধি পাইছে।

Exit mobile version